দেওবাৰে বাজপেয়ী ভৱনত গেৰুৱা হ'ব প্ৰাক্তন কংগ্ৰেছী আৰু আছু নেতা !

দেওবাৰে বাজপেয়ী ভৱনত গেৰুৱা হ'ব প্ৰাক্তন কংগ্ৰেছী আৰু আছু নেতা !
দেওবাৰে বাজপেয়ী ভৱনত গেৰুৱা হ'ব প্ৰাক্তন কংগ্ৰেছী আৰু আছু নেতা !

ডিজিটেল ডেস্কঃ লোকসভাৰ নিৰ্বাচন চমু চাৰি অহাৰ লগে লগে ৰাজ্যত পুনৰ আৰম্ভ হৈছে ৰাজনৈতিক নেতাৰ দল বাগৰাৰ কুচকাৱাজ। দীৰ্ঘদিন ধৰি ৰাজ্যৰ কেইবাজনো ৰাজনৈতিক নেতাই দল সলনি কৰিব বুলি চলি থকা চৰ্চা এতিয়া সত্য প্ৰমাণ হোৱাৰ দিশে।

কেৱল সেয়াই নহয়, ৰাজনৈতিক নেতাক বাদ দিও ছাত্ৰ সংগঠনৰ নেতৃত্ববহন কৰি শাসকীয় চৰকাৰৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰা নেতায়ো এতিয়া বিজেপিত যোগদানৰ বাবে ঠেং দাঙিছে। খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা তৰুণ গগৈৰ নেতৃত্বাধীন চৰকাৰৰ শেষৰটো কাৰ্যকালত কিছু দিনৰ বাবে মন্ত্ৰীত্বৰ দায়িত্ব লাভ কৰা বিস্মিতা গগৈয়ে দীৰ্ঘদিনৰ পৰা বিজেপিত যোগদানৰ চেষ্টা অব্যাহত ৰাখিছিল যদিও বিভিন্ন কাৰণত সেয়া সম্ভৱ হৈ পৰা নাছিল।

খবৰ অনুসৰি ২৮ জানুৱাৰী দেওবাৰে তেওঁ আনুষ্ঠানিকভাৱে গুৱাহাটীৰ বশিষ্ঠত থকা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বশিষ্ঠ ভৱনত আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰিব। একেদৰে এই দিনটোতেই যুৱ কংগ্ৰেছৰ পৰা অপসাৰিত সভাপতি তথা কংগ্ৰেছৰ পৰা বহিষ্কৃত নেত্ৰী অংকিতা দত্তয়ো বিজেপিত চামিল হ'ব।

কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তৰ কন্যা অংকিতাই পূৰ্বৰে পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে ঘনিষ্ঠতা ৰক্ষা কৰি আহিছে। কংগ্ৰেছত দায়িত্বত থকাৰ সময়ছোৱাত বিজেপিৰ বিৰুদ্ধে ৰাজপথত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি তীব্ৰ প্ৰতিবাদ কৰাই নহয়, শাসকীয় বিজেপি মন্ত্ৰীৰো মুখ বন্ধ কৰিবলৈ সক্ষম হৈছিল।

এক প্ৰকাৰে অংকিতা দত্তৰ নেতৃত্বত হোৱা প্ৰতিবাদে বিজেপিক বহু সময়ত বিপদত পেলাইছিল। এই দুই মহিলা কংগ্ৰেছ নেত্ৰীৰ উপৰিও সংবাদ মেলৰ জৰিয়তে দলৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগ কৰা অপূৰ্ব কুমাৰ ভট্টচাৰ্যয়ো পুনৰ অসম গণ পৰিষদত যোগদান কৰাটো নিশ্চিত হৈছে।

সকলো ঠিকেই থাকিলে দেওবাৰে তেওঁ পুনৰ আমবাৰীত উপস্থিত হৈ প্ৰত্যাৱৰ্তন কৰিব। যদি সকলো ভবা মতেই হয় তেন্তে অসমৰ ৰাইজে দেওবাৰে আচৰিত হ'ব পৰাকৈ আন কেইবাজনো নেতায়ো গেৰুৱা বসন পৰিধান কৰা দৃশ্য প্ৰত্যক্ষ কৰিব।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰা, বিজেপিক ক্ষমতাহীন কৰাৰ পণ লোৱা দুই শীৰ্ষ আছু নেতায়ো যোগদান কৰিব পাৰে বিজেপিত। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি পৰৱৰ্তী সময়ত অসমৰ ৰাইজক বিশ্বাসঘাটকতা কৰা জাতীয় সংগঠনৰ নেতৃত্বৰ তালিকাত সন্নিৱিষ্ট হ'ব দীপাংক কুমাৰ নাথ আৰু প্ৰকাশ দাস।

এই দুয়োগৰাকী নেতাই সদৌ অসম ছাত্ৰ সন্থাক দীৰ্ঘদিন ধৰি নেতৃত্ব প্ৰদান কৰাই নহয়, শাসকীয় চৰকাৰ বিৰুদ্ধে বহু কেইটা আন্দোলনৰ নেতৃত্ব বহন কৰি বিজেপিৰ নীতি, আদৰ্শক তীব্ৰ সমালোচনা কৰি আহিছে। বৈবাহিক জীৱনৰ পাতনি মেলাৰ পূৰ্বে হঠাৎ আনুষ্ঠানিকভাৱে আছু ত্যাগ কৰা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথে বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলি আহিছে। তাৰ মাজতো তেওঁ আছুৰ বিভিন্ন কাৰ্যসূচীত অংশহগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

একেদৰে সংগঠনটোৰ উপদেষ্টা প্ৰকাশ দাসেও মাত্ৰ কেইটামান মাহৰ পূৰ্বে আছুৰ পৰা হঠাৎ অব্যাহতি লৈছিল। যদিও এইগৰাকী নেতাই এই পৰ্যন্ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা নাই তথাপিও তেওঁক হিন্দুত্ববাদী সংগঠনৰ বিভিন্ন কাৰ্যসূচীত দেখিবলৈ পোৱা গৈছে।

সেয়ে তেওঁ বিজেপিত যোগদান কৰাটো যে নিশ্চিত তাত কোনো সন্দেহ নাই। ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ একান্ত অনুগামি তথা দলটোৰ পৰা দুবাৰকৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা চিত্তৰঞ্জন বসুমতাৰীয়েও বিজেপিত যোগদান কৰিব বুলি প্ৰচাৰ চলিছে। যদি সেয়াও সত্য হয় তেন্তে অসমৰ ৰাইজৰ বাবে এয়াও হ'ব এক আশ্চৰ্যকৰ খবৰ।

অৱশ্যে এতিয়ালৈকে এই তিনিও প্ৰাক্তন আছু নেতাই বিজেপিত যোগদানৰ সন্দৰ্ভত আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কিন্তু আছুৰ ইতিহাসত এনে ঘটনা কোনো নতুন কথা নহয়। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত থকাৰ সময়তো নেতৃত্বই যি কথা কয় আছু ত্যাগ কৰাৰ পাছত তাৰ সম্পূৰ্ণ বিপৰীত স্থিতি লোৱাটো কোনো নতুন কথা নহয়।

দেওবাৰে বাজপেয়ী ভৱনত গেৰুৱা হ'ব প্ৰাক্তন কংগ্ৰেছী আৰু আছু নেতা !
'জোড়া' লগোৱাত বিফল ৰাহুল! পৰাজিত বিস্মিতা, 'ন্যায় ব্যৰ্থ' অংকিতাৰ বিজেপি গমনৰ কুচকাৱাজ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in