নিজ বাসগৃহতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে সাংবাদিক বিমল কুমাৰ যাদৱক

দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে বাতৰি কাকতত কৰ্মৰত সাংবাদিকক বিমল কুমাৰ যাদৱক।

author-image
Asomiya Pratidin
New Update
নিজ বাসগৃহতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে সাংবাদিক বিমল কুমাৰ যাদৱক

ডিজিটেল ডেস্কঃ বিহাৰৰ অৰৰিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে বাতৰি কাকতত কৰ্মৰত সাংবাদিকক বিমল কুমাৰ যাদৱক। জানিব পৰা মতে ১৮ আগষ্টৰ পুৱাৰ নিজ বাসগৃহতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে সাংবাদিকগৰাকীক।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি অৰৰিয়া জিলাৰ ৰাণীগঞ্জস্থিত বিমলৰ ঘৰত ৪জন লোকে প্ৰৱেশ কৰি এই কাণ্ড সংঘটিত কৰে। সেই সময়ত বিমল শুই আছিল। দুৰ্বৃত্তই বিমলক টোপনিৰ পৰা জগাই গুলীচালনা কৰে। যাৰ ফলত থিতাতে নিহত হয় বিমল যাদৱ।সাংবাদিক গৰাকীৰ বুকুত গুলীয়াই দুৰ্বৃত্তই।

এই ঘটনাৰ পাছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ইতিমধ্যে বিমলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।কি কাৰণে সাংবাদিকগৰাকীক হত্যা কৰিলে দুৰ্বৃত্তই এতিয়ালৈকে জানিব পৰা হোৱা নাই।

Also Read: ইন্দ্ৰাণী কাণ্ডঃ চানমাৰি থানাত উপস্থিত আত্মগোপন কৰি থকা দ্বীবন ডেকা

journalist bihar