বাংলাদেশ লৈ ৰপ্তানি হ'ব শিল: সীমান্ত পৰিদৰ্শন ভূটান কাউন্সিল জেনেৰেলৰ...

ভূটানৰ পৰা মানকাচৰ-বাংলাদেশ সীমান্তয়েদি ৰপ্তানি হ'ব শিল তথা বিভিন্ন সামগ্ৰী।

author-image
Asomiya Pratidin
New Update
বাংলাদেশ লৈ ৰপ্তানি হ'ব শিল: সীমান্ত পৰিদৰ্শন ভূটান কাউন্সিল জেনেৰেলৰ...

ডিজিটেল সংবাদ, মানকাচৰ : ভূটানৰ পৰা মানকাচৰ-বাংলাদেশ সীমান্তয়েদি ৰপ্তানি হ'ব শিল তথা বিভিন্ন সামগ্ৰী। সীমান্ত পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল'লে ভূটান কাউন্সিল জেনেৰেলে। ভূটানৰ পৰা শিলৰ উপৰিও বিভিন্ন সামগ্ৰী মানকাচৰ সীমান্তয়েদি বাংলাদেশলৈ ৰপ্তানি কৰাৰ বাবে মঙ্গলবাৰে ভূটান কাউন্সিল জেনেৰেল সহ সজাতি দল এটাই সীমান্ত পৰিদৰ্শন কৰে।

Advertisment

মঙলবাৰৰ বিয়লি প্ৰায় ৪ বজাত ভূটান কাউন্সিল জেনেৰল সহ ভূটানৰ সজাতি দল আহি উপস্থিত হয় মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্পত। ভূটানৰ পৰা শিলৰ লগতে বিভিন্ন সামগ্ৰী বাংলাদেশত ৰপ্তানি কৰা সম্পৰ্কে বিএছএফ তথা জিলা আন্ত:ৰাষ্ট্ৰীয় আমদানি-ৰপ্তানি সন্থাৰ সৈতে আলোচনা কৰে দলটিয়ে। শীঘ্ৰে ভূটানৰ পৰা মানকাচৰ সীমান্তয়েদি শিলৰ লগতে বিভিন্ন সামগ্ৰী আমদানি-ৰপ্তানিৰ কাম মুকলি কৰা হ'ব।

ভূটান কাউন্সিল জেনেৰেল জিগমি থিনাইল নামগয়াল, উপ কাউন্সিল জেনেৰেল ফুৰ্পা তেশ্বেৰিংৰ লগতে কেইবাগৰাকী বিষয়া উপস্থিত আছিল সজাতি দলটিত। উল্লেখ্য যে, মানকাচৰ সীমান্তত নিয়োজিত হৈ থকা ৪৫ নং বেটেলিয়ান বিএছএফৰ কমাণ্ডেণ্ট চন্দ্ৰ কান্ত উপাধ্যায় উপস্থিত থাকি ভূটান কাউন্সিল জেনেৰেলক সীমান্ত পৰিদৰ্শন কৰায়।

লক্ষণীয় যে, বৰ্তমানে ভূটানৰ পৰা মেঘালয়ৰ ডালু তথা দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলাৰ মহেন্দ্ৰগঞ্জ এলেকায়েদি শিল ৰপ্তানি চলি থকা পৰিলক্ষিত হৈছে। মানকাচৰ সীমান্তয়েদি ভূটানৰ শিল ৰপ্তানি হ'লে অসম চৰকাৰে ইয়াৰ পৰা বৃহৎ পৰিমাণৰ কৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

Also Read: উৎফুল্লিত ৰাজ্যবাসী : সাদিন-প্ৰতিদিন গোষ্ঠীলৈ শুভেচ্ছাৰ বৰষুণ...

bhutan Govt of India