Advertisment

এয়াই ৰাজনীতি ! খুৰাকৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে ভতিজাই...

এয়াই ৰাজনীতি ! খুৰাকৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে ভতিজাই...

author-image
Asomiya Pratidin
New Update
এয়াই ৰাজনীতি ! খুৰাকৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে ভতিজাই...

এয়াই ৰাজনীতি ! খুৰাকৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে ভতিজাই...

ডিজিটেল ডেস্কঃ ৰাজনীতিত কোনো স্থায়ী মিত্ৰ নহয় অথবা কোন শত্ৰুও নহয়। পৰিয়ালৰ সদস্যৰ মাজতো ৰজনীতিয়ে আনি দিয়ে বিভাজন। তেনে উদাহৰণ ভাৰতীয় ৰাজনীতিত বহু আছে।

Advertisment

ছত্তিশগড় বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। ৰাজ্যখনত পুনৰ কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব বুলি আত্মবিশ্বাসী হৈ আছিল মুখ্যমন্ত্ৰী ভূপেশ বাঘেল। পূৰ্বূতকৈ অধিক আসন লাভেৰে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি কৈ অহা ভূপেশ বাঘেল এতিয়া নিজেই পৰাজয়ৰ দিশে আগবাঢ়িছে।

ভোটগণনাৰ দুঘণ্টা অতিক্ৰম কৰিছে। প্ৰথম অৱস্থাত পাটন সমষ্টিৰ পৰা ভূপেশ বাঘেল যদিও আগবাঢ়ি আছিল কিছু সময়ৰ পাছতে তেওঁ পিছপৰিছে আৰু বিজয় বাঘেলে তেওঁক অতিক্ৰম কৰি আগবাঢ়িছে। উল্লেখ্য যে, বিজয় বাঘেল সম্পৰ্কত ভূপেশ বাঘেলৰ ভতিজা।

ৰাজ্যখনত একক সংখ্যাগৰিষ্ঠতাৰ দাবী কৰা কংগ্ৰেছে বৰ্তমান ২৮ খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে বিজেপি ৩১ খন আসনত আগবাঢ়ি আছে। অন্যান্য ২ খন আসনত আগবাঢ়ি আছে। এয়া নিৰ্বাচন আয়োগৰ তথ্য।

ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি ৰাজ্যখনত বিজেপি ৪৮ খন আসনত আৰু কংগ্ৰেছ ৪০ খন আসনত আগবাঢ়ি আছে। মন কৰিবলগীয়া যে, ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৪৬ খন আসন।

Also Read: Live Updates: তেলেংগানা কংগ্ৰেছৰ, বিজেপিৰ হাতলৈ ৰাজস্থান,মধ্যপ্ৰদেশ,চত্তিশগড়

ছত্তিশগড় নিৰ্বাচন ভূপেশ বাঘেল