Live Updates: ৰাজস্থান,মধ্যপ্ৰদেশ,চত্তিশগড়ত বিজেপিৰ জয়
Live Updates: ৰাজস্থান,মধ্যপ্ৰদেশ,চত্তিশগড়ত বিজেপিৰ জয়

Live Updates: তেলেংগানা কংগ্ৰেছৰ, বিজেপিৰ হাতলৈ ৰাজস্থান,মধ্যপ্ৰদেশ,চত্তিশগড়

চত্তিশগড়ত সংখ্যাগৰিষ্ঠতা লাভ বিজেপিৰ

চত্তিশগড়ত সংখ্যাগৰিষ্ঠতা লাভ কৰিলে বিজেপিয়ে। বৰ্তমানলৈকে ৪৯ খন আসনত বিজেপিয়ে জয় লাভ কৰাৰ উপৰি ৫ খন আসনত অগ্ৰগতি লাভ কৰি আছে। ৰাজ্যখনত সংখ্যা গৰিষ্ঠতাৰ বাবে ৪৬ খন আসনৰ প্ৰয়োজন।

৪ ৰাজ্যৰ ফলাফলক লৈ প্ৰধানমন্ত্ৰী মোডীৰ জনতাক সম্বোধন

৩ ৰাজ্যত ইতিমধ্যে বিজেপিৰ জয় নিশ্চিত হৈছে। ইয়াক লৈ মোডীয়ে দিল্লীস্থিত বিজেপিৰ কাৰ্যালয়ত বিশাল জনসভা সম্বোধন কৰে। তেওঁ কয় যে, আজিৰ বিজয় ঐতিহাসিক, অভূতপূৰ্ব। আজি সবকা সাথ, সবকা বিকাশ বিজয়ী হৈছে। আজি সততা, স্বচ্ছতা আৰু সুশাসন জয়ী হৈছে।

চত্তিশগড়ত সংখ্যা গৰিষ্ঠতা লাভৰ দিশে বিজেপি

চত্তিশগড়ত বিজেপিয়ে ৩৩ খন আসনত জয় লাভ কৰাৰ বিপৰীতে ২১ খনত আগবাঢ়ি আছে। আনহাতে কংগ্ৰেছে ১৮ খন আসনত জয় লাভ কৰাৰ বিপৰীতে ১৫ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

মধ্য প্ৰদেশত সংখ্যাগৰিষ্ঠতা অতিক্ৰম বিজেপিৰ

মধ্য প্ৰদেশত বিজেপিয়ে বৰ্তমানলৈ ১২৬ খন আসনত জয় লাভ কৰাৰ লগতে ৩৮ খনত অগ্ৰগতি লাভ কৰি আছে। আনহাতে কংগ্ৰেছে ৩৭ খন আসনত জয় লাভ কৰাৰ লগতে ২৮ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

বিজেপিয়ে স্পৰ্শ কৰিলে ১০০

ৰাজস্থানত ভাৰতীয় জনতা পাৰ্টিয়ে লাভ কৰিলে ১০০ খন আসন। দলটো আৰু ১৫ খন আসনত আগবাঢ়ি আছে। ইয়াৰ লগে লগে দলটোৱে ৰাজ্যখনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাটো নিশ্চিত হৈ পৰিছে।

ইয়াৰ বিপৰীতে কংগ্ৰেছ ৫৮ খন আসনত বিজয়ী হৈছে। দলটো আৰু ১১ খন আসনত আগবাঢ়ি আছে। ইয়াৰোপৰি ভাৰত আদিবাসী পাৰ্টিয়ে ৩ খন, বি এছ পিয়ে ২খন আৰু নিৰ্দলীয়ই এখন আসনত বিজয় সাব্যস্ত কৰিছে।

ৰাহুল গান্ধীয়ে বিনম্ৰতাৰে মানি ল'লে এই পৰাজয়... 

ছত্তিশগড়ৰো ফলাফল ঘোষণা...

ছত্তিশগড়ত ঘোষণা হৈছে ৮ বিধানসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীৰ নাম। বিজেপিৰ ৬ গৰাকী আৰু কংগ্ৰেছৰ ৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা হৈছে ৰাজ্যখনত।

ৰাজ্যখনত বিজয় সাব্যস্ত কৰিছে বিজেপিৰ ৰাম বিচাৰ নেতাম, বিষ্ণু দেও চাই, অমৰ আগৰৱাল, সুশান্ত শুক্লা পুৰন্দৰ মিশ্ৰ আৰু কিৰণ দেও।

কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী দুগৰাকীৰ নাম ফুল সিং ৰাথিয়া আৰু বিক্ৰম মাণ্ডাভি।ৰাজ্যখনত বিজেপি আগবাঢ়ি আছে আৰু ৫০ খন আসনত। কংগ্ৰেছ আগবাঢ়ি আছে আন ৩২ খন আসনত।

তেলেংগানাইহে ৰাখিব কংগ্ৰেছৰ মান !

তেলেংগানাত ৬৩ খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ। দলটোৱে ১৩ আসনত বিজয় সাব্যস্ত কৰিছে। এতিয়াও অগ্ৰগতি লাভ কৰি আছে ৫০ খন আসনত।

বি আৰ এছ আগবাঢ়ি আছে ৪০ খন আসনত। ইয়াৰে ৭ খন আসনত দলটোৱে বিজয় সাব্যস্ত কৰিছে। দলটো আগবাঢ়ি আছে আন ৩৩ খন আসনত।

বিজেপি ১ খন আসনত বিজয়ী হোৱাৰ লগতে আন ৮ খন আসনত আগবাঢ়িছে। এ আই এম আই এম ৬ খন আসনত আৰু চি পি আই ১খনকৈ আসনত আগবাঢ়ি আছে।

১১ কংগ্ৰেছ প্ৰাৰ্থীও এই পৰ্যন্ত হৈছে বিজয়ী

এই পৰ্যন্ত কংগ্ৰেছৰ ১১ জন প্ৰাৰ্থী বিজয়ী হৈছে। বিজয়ী প্ৰাৰ্থীসকলৰ ভিতৰত আছে মুখ্যমন্ত্ৰী অশোক গেহলটো। ৰাজ্যখনৰ বিজয়ী প্ৰাৰ্থীসকল ক্ৰমে ছিমলা দেৱী, হাকাম আলী খান, ড০ শিখা মিল বাৰালা, বিদ্যাধনৰ সিং, আমিন কাগজি, ৰাফিক খান, টিকাৰাম জুল্লী, সঞ্জয় কুমাৰ, শুভাৰাণী কুশৱাহ, ৰোহিত বহৰাহ, অনিতা জাতভ আৰু চেতন পাটেল কোলানা।

ৰাজস্থানত এই পৰ্যন্ত বিজয়ী ২৩ বিজেপি প্ৰাৰ্থীৰ...

 নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজস্থানত এই পৰ্যন্ত ২৩ গৰাকী বিজেপি প্ৰাৰ্থী বিজয়ী হৈছে। ইয়াৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেও।

ৰাজ্যখনত বিজয়ী বিজেপি প্ৰাৰ্থীসকল ক্ৰমে বিজয়ী প্ৰাৰ্থীসকল ক্ৰমে গোৰধন, মহেন্দ্ৰ পাল মীনা, বালমুকুন্দচেৰী, দিয়া কুমাৰী, কৈলাশ চন্দ বাৰ্মা, ড০ জশৱন্ত সিং যাদৱ, দেৱী সিং শেখাৱট, সঞ্জয় শৰ্মা, ৰাজেন্দ্ৰ, জীতেন্দ্ৰ কুমাৰ গোথাল, অনিতা ভাদেল, চট্টোসিং, অজয় সিং, হামিৰ সিং ভায়াল, ছামাৰম, শ্ৰীচান্দ কৃপালানী, গৌতম কুমাৰস দিপ্তী কিৰণ মহেশ্বৰী, জাৱৰ সিং ছাংখালা, হীৰা লাল নাগৰ, মদন দিলাৱৰ, বসুন্ধৰা ৰাজে আৰু গোবিন্দ প্ৰসাদ।

গেৰুৱা মধ্যপ্ৰদেশ 

মধ্যপ্ৰদেশত বিজেপিৰ চাৰিগৰকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে। ৰাজ্যখনৰ ৭১ নং মাউগাঞ্জ ধানসভা সমষ্টি, ১৬৯ নং কালাপিপাল বিধানসভা সমষ্টি, ১৭৯ নং নেপানগৰ সমষ্টি আৰু ২২০ নং ৰাতলাম চিটি বিধানসভা সমষ্টি কেইটাৰ বিজেপি প্ৰাৰ্থী কেইগৰাকী বিজয়ী হৈছে।

এই সমষ্টি কেইটাত বিজয়ী হোৱা প্ৰাৰ্থী কেইগৰাকী ক্ৰমে প্ৰদীপ পাটিল, ঘনশ্যাম চন্দ্ৰবংশী, মঞ্জু ৰাজেন্দ্ৰ দাদু আৰু চেতন্য কাশ্যপ। আনহাতে ভাৰত আদিবাসী পাৰ্টিৰ কমলেশ্বৰ দদিয়াই ২২১ নং ছাইলানা বিধানসভা সমষ্টিত পৰাস্ত হৈছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত বিজেপি ১৬২ টা সমষ্টিত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ ৬২ খন আসনত আগবাঢ়ি আছে।

মধ্যপ্ৰদেশত বিজেপিয়ে খুলিলে খাটা

মধ্যপ্ৰদেশত বিজিপেয়ে খুলিলে খাটা। ১৭৯ নং নেপানাগড় বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীক বিজয়ী ঘোষণা। বিজয়ী বিজেপি প্ৰাৰ্থীগৰাকী মঞ্জু ৰাজেন্দ্ৰ দাদু।

তেওঁ লাভ কৰিছে ১১৩৪০০ টা ভোট। তেওঁ নিকটতম প্ৰতিদ্বন্দিগৰাকীক ৪৪৮০৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে।

কংগ্ৰেছ নেতা গৌৰৱ বল্লভ পৰাস্ত

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা শক্তিশালী নেতা গৌৰৱ বল্লভ পৰাস্ত। উদয়পুৰ সমষ্টিত গৌৰৱ বল্লভ বিজেপিৰে তাৰাচান্দ জৈনৰ হাতত প্ৰায় ৩৫ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত হয়।

২ বজালৈকে ক'ত, কিমান অগ্ৰগতি

মধ্যপ্ৰদেশৰ ২৩০ খন আসনৰ ভিতৰত বিজেপি ১৬১ খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছ আগবাঢ়িছে ৬৬ খন আসনত। ইয়াৰোপৰি বি এছ পি আৰু অন্যন্য মিলি ৩ খন আসনত অগ্ৰগতি লাভ কৰিছে।

ৰাজস্থানৰ ১৯৯ খন আসনৰ ভিতৰত বিজেপি ১১৩ খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে ৭০ খন আসনত। বি এছ পিয়ে ২ খন আৰু অন্যান্যই ১১ খন আসনত অগ্ৰগতি লাভ কৰিছে।

ছত্তিশগড়ত বিজেপি ৫৫ খন আসনত, কংগ্ৰেছ ৩২ খন আসনত আগবাঢ়ি আছে। বি এছ পি, চি পি আই আৰু জি জি পি এখনকৈ আসনত আগবাঢ়িছে।

তেলেংগানাৰ ১১৯ খন আসনৰ ভিতৰত কংগ্ৰেছ আগবাঢ়ি আছে ৬৩ খন আসনত। বি জে পি আগবাঢ়িছে ৮ খন আসনত। ইয়াৰোপৰি এ আই এম আই এম আৰু চি পি আই ক্ৰমে ৬ আৰু ১ খন আসনত আগবাঢ়ি আছে।

ৰাজস্থানত ৩ প্ৰাৰ্থীক বিজয়ী ঘোষণা

ৰাজ্যস্থানত ৩ গাৰকীকৈ প্ৰাৰ্থীক বিজয়ী ঘোষণা কৰা হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজস্থানত ইতিমধ্যে ২ জন বিজেপি প্ৰাৰ্থী আৰু আন এগৰাকী প্ৰাৰ্থী বিজয়ী হৈছে। বিজেপিৰ বিজয়ী প্ৰাৰ্থী দুগৰকী ক্ৰমে ১৪৭ নং পিন্দৱাৰা বিধানসভা সমষ্টিৰ ছমাৰম আৰু ২০০ নং মনোহৰ ঠানে বিধানসভা সমষ্টিৰ গোবিন্দ প্ৰসাদ।

ইয়াৰে ছমাৰমে লাভ কৰিছে ৭০৬৪৭ টা ভোট। তেওঁ নিকটতম প্ৰাৰ্থীগৰাকীক ১৩০৯৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে। গোবিন্দ প্ৰসাদে তেওঁৰ নিকটতম প্ৰাৰ্থীগৰাকীক ২৪৮৬৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে।

তেওঁ লাভ কৰিছে ৮৫৩০৪ টা ভোট। আনহাতে ভাৰত আদিবাসী পাৰ্টীৰ ৰাজকুমাৰ ৰাৱটে চৌৰাসী সমষ্টিৰ পৰা ১১১৫০ টা ভোট লাভ কৰি নিৰ্বাচিত হৈছে। তেওঁ নিকটতম প্ৰতিদ্বন্দিগৰাকীক ৬৯১৬৬ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে।

ভোটগণনাৰ ৫ ঘণ্টা অতিক্ৰম- বিজেপিৰ তীব্ৰ গতি

ছত্তিশগড়ত বিজেপি আগবাঢ়ি আছে ৫৩ খন আসনত। কংগ্ৰেছ আগবাঢ়ি আছে ৩৫ খন আসনত।অবশিষ্ট ৩ খন আসনত আগবাঢ়িছে অন্যান্য।

মধ্যপ্ৰদেশৰ ২৩০ খন আসনৰ ১৬২ খনত আগবাঢ়িছে বিজেপি, ৬৫ খনত আগবাঢ়িছে কংগ্ৰেছ, বি এছ পি আগবাঢ়িছে ২ খন আসনত। অন্যান্য আগবাঢ়ি আছে এখন আসনত।

তেলেংগানাত আগবাঢ়ি আছে কংগ্ৰেছ। দলটো ৬২ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে বি আৰ এছ ৪৩ খন আসনত, বিজেপি ৯ খন আসনত এ আই এম আই এম ৪ খন আসনত আৰু অন্যান্য এখন আসনত আগবাঢ়ি আছে।

ৰাজস্থানত আকৌ বিজেপি আগবাঢ়ি আছে ১১১ খন আসনত। কংগ্ৰেছ আগবাঢ়িছে ৭৩ খন আসনত। বি এছ পি ২ খন আসৰ অন্যান্য ১১ খন আসনত আগবাঢ়ি আছে।

কোনে ক'ত গঠন কৰিব চৰকাৰ? ৪ ঘণ্টাত স্পষ্ট হ'ল দৃশ্যপট

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ছত্তিশগড়ত বিজেপি ৫৪ খন আসনত আগবাঢ়ি আছে। পুনৰ ক্ষমতা দখলৰ সপোন দেখা কংগ্ৰেছ এই পৰ্যন্ত আগবাঢ়িছে মাত্ৰ ৩৪ খন আসন।

মধ্যপ্ৰদেশত বিজেপিয়ে ১৫৭ খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ ৭০ খন আসনত আগবাঢ়ি আছে। অন্যান্য আগবাঢ়ি আছে ৩ খন আসনত।

ৰাজস্থানত ১১৪ খন আসনত আগবাঢ়িছে বিজেপি। কংগ্ৰেছ আগবাঢ়ি আছে ৭০ খন আসনত। অন্যান্য আগবাঢ়ি আছে ১২ খন আসনত।

ইয়াৰ বিপৰীতে তেলেংগানাত কংগ্ৰেছ ৬৫ খন আসনত, বি আৰ এছ ৩৯ খন আসনত, বিজেপি ৯ খন আসনত এ আই এম আই এম ৪ খন আসনত আগবাঢ়ি আছে।

নিৰ্বাচন আয়োগৰ তথ্যই কি কয়

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ছত্তিশগডড়ত এই পৰ্যন্ত বিজেপি ৪৩ খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ ৩৯ খন আসনত আগবাঢ়ি আছে। আনহাতে চি পি আই এখন আসনত আগবাঢ়ি আছে।

মধ্যপ্ৰদেশৰ ২৩০ খন আসনৰ ভিতৰত বিজেপি ১৫০ খন আসনত আগবাঢ়ি আছে। আনহাতে কংগ্ৰেছ আগবাঢ়ি আছে ৬৯ খন আসনত। ইয়াৰোপৰি অন্যান্য আগবাঢ়ি আছে ৩ খন আসনত।

ৰাজস্থানত ১৯৯ খন আসনৰ ভিতৰত বিজেপি ১০৩ খন, কংগ্ৰেছ ৭৪ খন আসনত আগবাঢ়ি আছে। ইয়াৰোপৰি অন্যান্য আগবাঢ়ি আছে ১৬ খন আসনত।

সেইদৰে তেলেংগানাত ১১৯ খন আসনৰ ভিতৰত কংগ্ৰেছ ৫৮ খন আসনত, বি আৰ এছ ৩৩ খন আসনত আৰু বিজেপি ৭ খন আসনত আগবাঢ়ি আছে।

৩ ঘণ্টাত ৩ ৰাজ্যত আগবাঢ়িল বিজেপি 

১১ বজালৈকে লাভ কৰা তথ্য অনুসৰি মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তিশগড়ত আগবাঢ়ি আছে বিজেপি। তেলেংগানাত আগবাঢ়ি আছে কংগ্ৰেছ।

ছত্তিশগড়তো হৈছে বিজেপি, কংগ্ৰেছৰ তীব্ৰ প্ৰতিদ্বন্দিতা

ছত্তিশগড়তো বিজেপি আৰু কংগ্ৰেছৰ মাজত চলি আছে প্ৰতিদ্বন্দিতা।৯০ খন আসনৰ বাবে হোৱা এই নিৰ্বাচনৰ ভোটগণনাত এতিয়ালৈকে বিজেপিয়ে ৪৬ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগহগ্ৰেছে ৪৪ খন আসনত আগবাঢ়ি আছে। অন্যান্য আগবাঢ়ি আছে ২ খন আসনত।

তেলেংগানাত আগবাঢ়ি আছে কংগ্ৰেছ

ৰাজ্যখনত দুঘণ্টাত কংগ্ৰেছে ৫৯ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে বি আৰ এছ ৪৯ খন আসনত আগবাঢ়ি আছে। বিজেপি ৬ খন আৰু অন্যান্য ৫ খন আসনত আগবাঢ়িছে।

ৰাজস্থানতো আগবাঢ়ি আছে বিজেপি

ৰাজস্থানত ১৯৯ খন আসনৰ ভিতৰত বিজেপি ১২৫ খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছ আগবাঢ়ি আছে ৬২ খন আসনত। অৱশ্যে দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হৈছে। মুহূৰ্তৰ ভিতৰতে সলনি হৈছে দৃশ্যপট। ৰাজ্যখনত কংগ্ৰেছ আৰু বিজেপিক বাদ দি অন্যান্য ১২ খন আসনত আগবাঢ়ি আছে।

মধ্যপ্ৰদেশত বুলেট ট্ৰেইনৰ গতি বিজেপিৰ 

মধ্যপ্ৰদেশত বুলেট ট্ৰেইনৰ গতিৰে আগবাঢ়িছে শাসকীয় বিজেপি। সেই অনুসৰি ৰাজ্যখনত পুনৰ বিজেপিৰ চৰকাৰ হোৱাৰ দিশে আগবাঢ়িছে। দলটোৰ কাৰ্যালয়ত দেখা গৈছে আনন্দ, উল্লাস।

ৰাজ্যখনৰ ২৩০ খন আসনৰ ভিতৰত বিজেপিয়ে ১৫০ খন আসনতে আগবাঢ়ি আছে। ৰাজ্যখনত ক্ষমতা দখলৰ বাবে মেজিক নম্বৰ ১১৬। যদি এই ট্ৰেণ্ডেই অব্যাহত থাকে তেন্তে মধ্যপ্ৰদেশত পুনৰ বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত। ৰাজ্যখনত একক সংখ্যা গৰিষ্ঠতাৰে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব।

ভোটগণনাৰ ২ ঘণ্টা অতিক্ৰম- ৩ ৰাজ্যত আগবাঢ়িছে বিজেপি

পুৱা ৮ বজাৰ আৰম্ভ হোৱা ভোটগণনাই ২ ঘণ্টা অতিক্ৰম কৰিছে। এই ২ ঘণ্টাত সঘনে সলনি হৈছে দৃশ্যপট। মধ্যপ্ৰদেশক বাদ দি বাকী ৩ খন ৰাজ্যত হৈছে তীব্ৰ যুঁজ।

ৰাজস্থানতো আগবাঢ়িছে কংগ্ৰেছ 

১১৯ খন আসনৰ ভোটগণনা হোৱা ৰাজস্থানত প্ৰথম এটা ঘণ্টাত কংগ্ৰেছ ৮০ খন আসনত আগবাঢ়ি আছে। বিজেপি আগবাঢ়ি আছে ১০৪ খন আসনতয অন্যান্য আগবাঢ়ি আছে ১৫ খন আসনত।

তেলেংগানাত কংগ্ৰেছৰ অগ্ৰগতি

তেলেংগানাত ১১৯ খনৰ ভিতৰত কংগ্ৰেছ ৬৫ আসনত আগবাঢ়ি আছে। আনহাতে বি আৰ এছ ৪০ খন আসনত আগবাঢ়িছে। বিজেপি এই ৰাজ্যখনত আগবাঢ়ি আছে ৬ খন আসনত। অন্যান্য আগবাঢ়ি আছে ৭ খন আসনত।

মধ্যপ্ৰদেশত আগবাঢ়িছে কমল নাথ, শিৱৰাজ সিং চৌহান

ৰাজ্যখনত এই পৰ্যন্ত বিজেপিৰ প্ৰাৰ্থী প্ৰায় ১০০ খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ৭৫ গৰাকী প্ৰাৰ্থী আগবাঢ়ি আছে।

ৰাজ্যখনৰ দুই শক্তিশালী প্ৰাৰ্থী কংগ্ৰেছৰ কমল নাথ, বিজেপিৰ শিৱৰাজ সিং চৌহান আগবাঢ়ি আছে। অৱশ্যে কেইবাখনো আসনত বিজেপিৰ শক্তিশালী প্ৰাৰ্থী পিছপৰি আছে।

ছত্তিশগড়ত কংগ্ৰেছৰ অগ্ৰগতি

পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনা অনুসৰি ৰাজ্যখনত কংগ্ৰেছ প্ৰায় ৪৫ খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে বিজেপি ২৮ খন আসনত আগবাঢ়ি আছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল পাটনা সমষ্টিত আগবাঢ়ি আছে। সেইদৰে পূৰ্বৰ মুখ্যমন্ত্ৰী ৰমন সিঙো আগবাঢ়ি আছে।

Live Updates: ৰাজস্থান,মধ্যপ্ৰদেশ,চত্তিশগড়ত বিজেপিৰ জয়
প্ৰথম এঘণ্টাত ৪ ৰাজ্যত কোন আগবাঢ়িছে? চাঁওক সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in