আজি মুখ্যমন্ত্ৰীৰূপে শপত ল'ব ভূপেন্দ্ৰ পেটেলে...

আজি মুখ্যমন্ত্ৰীৰূপে শপত ল'ব ভূপেন্দ্ৰ পেটেলে...

ডিজিটেল ডেস্ক : আজি একেলেথাৰিয়ে দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে । গুজৰাটৰ ৰাজধানী গান্ধীনগৰৰ নতুন সচিবালয়ৰ নিকটৱৰ্তী হেলিপেড গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব লগীয়া শপত গ্ৰহণ অনুষ্ঠানত ৬০ বছৰীয়া বিজেপি নেতা গৰাকীক গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে নতুন মুখ্যমন্ত্ৰী হিচাপে শপতবাক্য পাঠ কৰাব ।    

উল্লেখ্য যে, শনিবাৰে নৱ নিৰ্বাচিত বিধায়কসকলৰ বিধায়নী দলৰ বৈঠকত সকলোৰে সন্মতিক্ৰমে ভূপেন্দ্ৰ পেটেলক নেতা হিচাপে নিৰ্বাচিত কৰা হয় । গুজৰাটৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব লগীয়া ভূপেন্দ্ৰ পেটেলৰ এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ তথা দলীয় আন শীৰ্ষ নেতা সমূহ । ইয়াৰ ওপৰিও বিজেপি শাসিত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব এই অনুষ্ঠানত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in