নাবালিকাক বলাৎকাৰ কৰি হত্যাঃ দুই ককাই-ভাইক ফাঁচী ঘোষণা ন্যায়ালয়ৰ

ৰাজস্থানত ২০২৩ ৰ আগষ্টত সংঘটিত হৈছিল এই জঘণ্য ঘটনা
নাবালিকাক বলাৎকাৰ কৰি হত্যাঃ দুই ককাই-ভাইক ফাঁচী ঘোষণা ন্যায়ালয়ৰ
নাবালিকাক বলাৎকাৰ কৰি হত্যাঃ দুই ককাই-ভাইক ফাঁচী ঘোষণা ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ দেশ কঁপাই যোৱা ৰাজস্থানৰ এগৰাকী নাবালিকাক দলবদ্ধ বলাৎকাৰ আৰু পৰৱৰ্তী সময়ত নৃশংসভাৱে হত্যা কৰাৰ ঘটনাত জড়িত দুজনক আজি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে ন্যায়ালয়ে। উল্লেখ্য যে, ৰাজস্থানৰ ভিলৱাৰা জিলাত সংঘটিত হৈছিল এই জঘণ্য কাণ্ড।

এগৰাকী নাবালিকাক দলবদ্ধ বলাৎকাৰ কৰি পৰৱৰ্তী সময়ত জীৱন্তে জ্বলি থকা কয়লাৰ চৌকাত পেলাই হত্যা কৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে তদন্ত কৰি মুঠ ৭ জনক অভিযুক্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

এই ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছিল। ২০২৩ৰ আগষ্ট মাহত সংঘটিত হোৱা এই ঘটনাৰ প্ৰায় ১০ মাহৰ অন্তত আজি ন্যায়ালয়ে ৰায় প্ৰদান কৰে। ন্যায়ালয়ে ৭ অভিযুক্তৰ ভিতৰত  কালু আৰু কানহা নামৰ দুই অভিযুক্তক এই ঘটনাৰ মূল দোষী হিচাপে ঘোষণা কৰি দুয়োকে ফাঁচীৰ শাস্তি ঘোষণা কৰে। দুয়ো সম্পৰ্কত ককাই-ভাই। বাকী ৫ গৰাকী অভিযুক্ত আছিল কালু আৰু কানহাৰ পত্নী, মাতৃ আৰু ভগ্নী। তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত হৈছিল কিশোৰীগৰাকীক হত্যা কৰাত জড়িত থকাৰ অভিযোগ।

এই গোচৰৰ ৰায় প্ৰদান কৰাৰ পাছতে ন্যায়ালয়ৰ বাহিৰত ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত কয় যে, আজি তেওঁলোকৰ মৃত কন্যাই ন্যায় লাভ কৰিলে। আনহাতে ন্যায়ালয়ৰ এই ৰায়ৰ পাছতে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে এক্স হেণ্ডেলত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ লিখিছে- ২০২৩ৰ আগষ্টত ভিলৱাৰাৰ কোটদীত নাবালিকাৰ সৈতে হোৱা দুষ্কাৰ্য আৰু হত্যা কাণ্ডৰ গোচৰত দোষীক মৃত্যুদণ্ডৰ শাস্তি আদৰণিয়। সেই সময়ত আমাৰ চৰকাৰে এই ঘটনাৰ সৈতে জড়িত অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰি তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত এডিজি ক্ৰাইমক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল কেচ অফিচাৰ স্কিমৰ অধীনত গোচৰটো গ্ৰহণ কৰা হৈছিল। এই গোচৰৰ অভিযোগনামা প্ৰায় এমাহৰ ভিতৰত দাখিল কৰা হৈছিল। আজি, প্ৰায় ১০ মাহৰ অন্তত  এই অপৰাধীসকলক শাস্তি দিয়া হৈছে।

নাবালিকাক বলাৎকাৰ কৰি হত্যাঃ দুই ককাই-ভাইক ফাঁচী ঘোষণা ন্যায়ালয়ৰ
অৰবিন্দ কেজৰিৱালক মৃত্যুৰ ভাবুকিঃ বিজেপিলৈ পোনপটিয়া অভিযোগৰ আঙুলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in