অৰবিন্দ কেজৰিৱালক মৃত্যুৰ ভাবুকিঃ বিজেপিলৈ পোনপটিয়া অভিযোগৰ আঙুলি...

সঞ্জয় সিঙে সংবাদ মেলৰ জৰিয়তে সকিয়ালে বিজেপি, প্ৰধানমন্ত্ৰীক
অৰবিন্দ কেজৰিৱালক মৃত্যুৰ ভাবুকিঃ বিজেপিলৈ পোনপটিয়া অভিযোগৰ আঙুলি...
অৰবিন্দ কেজৰিৱালক মৃত্যুৰ ভাবুকিঃ বিজেপিলৈ পোনপটিয়া অভিযোগৰ আঙুলি...

ডিজিটেল ডেস্কঃ আপৰ ৰাষ্ট্ৰীয় সভাপতি তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জীৱনৰ প্ৰতি নামি আহিছে চৰম ভাবুকি। মুখ্যমন্ত্ৰীগৰাকীক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই। অন্তৱৰ্তীকালীন জামিনত থাকি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা কেজৰিৱালক দিল্লিৰ কেইবাটাও মেট্ৰ’ ষ্টেচনত হত্যাৰ ভাবুকিৰে লিখা পত্ৰ উদ্ধাৰৰ তথ্য পোহৰলৈ আহিছে। এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া আপে বিজেপিলৈ আঙুলি টোৱাই ইয়াৰ বাবে দলটোকে অভিযোগ কৰিছে।

আপৰ সাংসদ সঞ্জয় সিঙে আজি এক সংবাদ মেল সম্বোধন কৰি এই বিষয়ে মন্তব্য কৰিছে। তেওঁ সংবাদ মেলত কয় যদি অৰবিন্দ কেজৰিৱালৰ কিবা এটা হয় তেন্তে ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া হ'ব ভাৰতীয় জনতা পাৰ্টি। তেওঁ কয়, প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিয়ে ঘৃণা আৰু প্ৰতিশোধৰ ভাৱনাত এনেদৰে ডুবি আছে যে অৰবিন্দ কেজৰিৱালৰ প্ৰাণ নাশৰ কৌশল ৰচনা কৰি আছে।

তেওঁ পুনৰ কয়, কাৰাগাৰতো ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। সম্ভৱতঃ উচ্চতম ন্যায়ালয়ে এই ষড়যন্ত্ৰ উপলব্ধি কৰিছিল সেয়ে তেওঁক জামিন প্ৰদান কৰি সকাহ প্ৰদান কৰিছে। সঞ্জয় সিঙে দিল্লীৰ পেটেল নগৰ মেট্ৰ’ ষ্টেচনৰ এখন ফোট দেখুৱাই কয় যে, অংকিত গোৱেল নামৰ এজন ব্যক্তিয়ে এই ভাবুকি দিছে।

তেওঁ কয়, যদি আপুনি অংকিত গোৱেলৰ ভাবুকিৰ ভাষা পঢ়ে তেন্তে বুজি পাব সেই ভাষা বিজেপিৰ। পেটেল নগৰ মেট্ৰ’ ষ্টেচনৰ ভিতৰত আৰু বাহিৰত মুকলিকৈ এই ভাবুকি লিখা হৈছে।

ইয়াৰ পাছতে তেওঁ দিল্লীৰ ৰাজীৱ চক মেট্ৰ’ ষ্টেচনৰ আন এখন ছবি দেখুৱাই কয়, তিনিবাৰ মুখ্যমন্ত্ৰীক মুকলিকৈ আক্ৰমণ কৰা হৈছে। হত্যাৰ ভাবুকি দিয়া হৈছে তাৰ পাছতো সকলোতে কেৱল নীৰৱতা। এই সন্দৰ্ভত সাংসদ, বিধায়ক আৰু মন্ত্ৰীসকলৰ হৈ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। যদি অৰবিন্দ কেজৰিৱালজীৰ দেহত এটাও আঁচোৰ পৰে তেন্তে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰধানমন্ত্ৰী মোডী ইয়াৰ বাবে পোনপটীয়াকৈ দায়বদ্ধ হ'ব।

উল্লেখ্য যে, আপে তেওঁলোকৰ এক্স হেণ্ডেলতো মেট্ৰ' ষ্টেচনত উদ্ধাৰ হোৱা এই ভাবুকিভৰা পত্ৰ শ্বেয়াৰ কৰিছে। সমগ্ৰ বিষয়টোক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অৰবিন্দ কেজৰিৱালক মৃত্যুৰ ভাবুকিঃ বিজেপিলৈ পোনপটিয়া অভিযোগৰ আঙুলি...
নিৰ্বাচনী ব্যৱস্থাৰ প্ৰতি মোহভংগ নে দায়িত্বহীনতা? হ্ৰাস পাইছে ভোট দানৰ হাৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in