গুজৰাটৰ পৰা মেঘালয়লৈ হ'ব ভাৰত জোড়োৰ দ্বিতীয় অভিযান

গুজৰাটৰ পৰা মেঘালয়লৈ হ'ব ভাৰত জোড়োৰ দ্বিতীয় অভিযান

ডিজিটেল ডেস্ক : কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত গুজৰাটৰ পৰা মেঘালয়লৈ আৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় পৰ্বৰ অভিযান। মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নান পেটেলে সংবাদমেলযোগে ভাৰত জোড়ো সন্দৰ্ভত এই কথা প্ৰকাশ কৰে।

গুজৰাটৰ পৰা মেঘালয়লৈ চলিব লগা এই যাত্ৰাৰ সময়ছোৱাতে মহাৰাষ্ট্ৰ সামৰি আন এক পদযাত্ৰা চলাব কংগ্ৰেছে। এই কাৰ্যসূচীতো সাংসদ গান্ধীয়ে অংশগ্ৰহণ কৰাৰ সম্ভৱনা থকাৰ কথা সভাপতিগৰাকীয়ে উল্লেখ কৰে।

উল্লেখ্য যে, ভাৰত জোড়োৰ প্ৰথমটো যাত্ৰা কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈ জম্মু-কাশ্মীৰত সামৰণি পৰিছিল। এইবাৰ এই যাত্ৰা পোৰবন্দৰৰ পৰা আৰম্ভ হৈ অৰুণাচলৰ পাছিঘাট অথবা মেঘালয়ত সামৰণি পৰিব।

গুজৰাটৰ পৰা মেঘালয়লৈ হ'ব ভাৰত জোড়োৰ দ্বিতীয় অভিযান
মহানগৰীত চুৰিকাণ্ডৰ চেষ্টা : চিচি কেমেৰাত ধৰা পৰে সমগ্ৰ দৃশ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in