ভাৰত জোড়ো যাত্ৰাই সন্মুখলৈ আনিলে প্ৰতকৃত ৰাহুল গান্ধীক...

ভাৰত জোড়ো যাত্ৰাই সন্মুখলৈ আনিলে প্ৰতকৃত ৰাহুল গান্ধীক...
ভাৰত জোড়ো যাত্ৰাই সন্মুখলৈ আনিলে প্ৰতকৃত ৰাহুল গান্ধীক...

ডিজিটেল ডেস্কঃ ভাৰত জোড়া যাত্ৰাই সন্মুখলৈ আনিলে প্ৰকৃত ৰাহুল গান্ধীক ! ভাৰত জোড়ো যাত্ৰাই লাভ কৰিছে জনসাধাৰণৰ পৰা অভূতপূৰ্ব সফলতা। এই দাবী কংগ্ৰেছ নেতৃত্বৰ।

যোৱা ২ মাহ ধৰি চলি থকা কংগ্ৰেছৰ ভাৰত জোড় যাত্ৰা আছে এতিয়া মহাৰাষ্ট্ৰত। এই যাত্ৰাৰ নেতৃত্বত আছে ৰাহুল গান্ধী। ৰাহুল গান্ধীক এই যাত্ৰাত সংগ দিছে শীৰ্ষ নেতৃত্বই। মহাৰাষ্ট্ৰত ৰাহুল গান্ধীৰ সৈতে সমানে সমানে খোজ দিছে ৰাজ্যিক নেতৃত্বই।

তাৰ মাজতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে মহাৰাষ্ট্ৰত এক সংবাদ মেল সম্বোধন কৰি কয় যে, ৰাহুল গান্ধীৰ নেতৃত্ব হোৱা ভাৰত জোড়ো যাত্ৰাৰ ৰাজ্যিক নিৰ্বাচনৰ সৈতে কোনো সম্পৰ্ক নাই। এই যাত্ৰাৰ প্ৰভাৱ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত হে পৰিলক্ষিত হ'ব।

তেওঁ কয়,- ৰাহুল গান্ধী ডেটল বা ফেভিকল ব্ৰেণ্ড নহয় যাক তেওঁক পুনৰ ৰিব্ৰেণ্ড কৰিব লাগিব। "ভাৰত জোড়ো যাত্ৰাৰ পূৰ্বে বিজেপিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে এক বিশেষ ইমেজ তৈয়াৰ কৰিছিল, বিশেষকৈ ছ'চিয়েল মিডিয়াত। সেই ইমেজ ৰাহুল গান্ধীৰ সঠিক প্ৰতিচ্ছবি নাছিল। ভাৰত জোড়া যাত্ৰাই নতুন ৰাহুল গান্ধীক দেখুওৱা হোৱা নাই, এই যাত্ৰাই প্ৰকৃত ৰাহুল গান্ধীক জনসাধাৰণৰ সন্মুখলৈ লৈ আনিছে।

জয়ৰাম ৰমেশৰ মতে, ভাৰত জোড়ো যাত্ৰাই ৰাহুল গান্ধীৰ ভাবমূৰ্তি সম্পূৰ্ণৰূপে সলনি কৰিছে। ৩,৫৭০ কিলোমিটাৰ যাত্ৰাৰ সময়ছোৱাত ৰাহুল গান্ধীয়ে কোনো মধ্যস্থতাকাৰী অবিহনে জনসাধাৰণৰ সৈতে পোনপটীয়া সম্পৰ্ক ৰক্ষা কৰিছে।

জয়ৰাম ৰমেশৰ মতে ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে অৰ্থনৈতিক বৈষম্য, মেৰুকৰণৰ দৰে ৰাজনৈতিক প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজ আৰম্ভ হৈছে। এই যাত্ৰাৰ প্ৰভাৱ ৰাহুল গান্ধীৰ ওপৰত নহয়, দলৰ ওপৰত নিৰ্ভৰ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in