এখন যুদ্ধ শেষ নহওতেই আন এখন যুদ্ধৰ বাবে সাজু বিশ্ব...

এখন যুদ্ধ শেষ নহওতেই আন এখন যুদ্ধৰ বাবে সাজু বিশ্ব...
এখন যুদ্ধ শেষ নহওতেই আন এখন যুদ্ধৰ বাবে সাজু বিশ্ব...

ডিজিটেল ডেস্কঃ দুই ৰাষ্ট্ৰৰ যুঁদ্ধবাজ নেতাৰ দাম্ভিকতাৰ বাবেই দীৰ্ঘদিন ধৰি চলি আছে এখন যুদ্ধ। বিশ্বৰ সমাজ, সংস্কৃতি, শিক্ষা ৰাজনীতি, অৰ্থনীতি সৰ্বদিশত বিৰূপ পেলোৱা এই যুদ্ধৰ মাজতেই আন এখন যুদ্ধৰ বাবে সাজু হৈছে সমগ্ৰ বিশ্ব ! মৰুৰ দেশ কাটাৰ পৰিণত হৈছে ৰণাংগনলৈ। বিশ্ববাসীৰ দৃষ্টি এতিয়া কাটাৰাত।

অহা ২০ নৱেম্বৰৰ পৰা কাটাৰত আৰম্ভ হ'ব ফুটবলৰ মহাৰণ। ইতিমধ্যে এই মহাৰণৰ বাবে সাজু হৈছে কাটাৰ। কাটাৰত লাহে লাহে ভিৰ কৰিছেহি ফুটবলৰ মহাযুদ্ধা। আহিছে বিশ্বৰ অগণন ফুটবল বলিয়া। কাটাৰৰ এই মহাৰণৰ সাক্ষী হ'বলৈ আহিছে এই ফুটবল বলিয়া লোকসকল।

ইফালে দীৰ্ঘদিন ধৰি চলি আছে ৰাছিয়া-ইউক্ৰেইনৰ মহাৰণ। জন, ধনৰ প্ৰচুৰ ক্ষতি হোৱা এই যুদ্ধই ৰাঙলী কৰিছে ইউক্ৰেইনৰ ভূমি। প্ৰাণ আহুতি দিছে দুয়ো দেশৰ সেনা, সাধাৰণ নাগৰিকে। প্ৰাণৰ মমতাত দেশ এৰিছে বহু লোকে। একেই অৱস্থা ৰাছিয়াত। যুদ্ধলৈ সমৰ্থন নথকা ৰাছিয়ান যুৱকে এৰিছে দেশ। বিচাৰিছে শান্তি।

ৰাছিয়া-ইউক্ৰেইনৰ এই যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে কাটাৰ বিশ্বকাপত। কিয়নো এইবাৰ কাটাৰ বিশ্বকাপত দেখা নাযাব ৰাছিয়াৰ ফুটবল দল। কিয়নো পুটিনৰ নিৰ্দেশত ৰাছিয়ান সেনাই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে এই আক্ৰমণ তথা যুদ্ধৰ বিৰোধিতাৰে ফিফাই গ্ৰহণ কৰিছে এক সিদ্ধান্ত। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ বন্ধ নকৰিলে ফিফাত নিষিদ্ধ ৰাছিয়ান ফুটবল। সেই সিদ্ধান্ত অনুসৰিয়েই ৰাছিয়ান ফুটবল দলটো ফিফা বিশ্বকাপত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলগীয়া হৈছে।

ফিফাই এক বিবৃতিৰ জৰিয়তে উল্লেখ কৰিছিল- "আমি ইউক্ৰেইনত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে একত্ৰিত হৈছো আৰু আমি তেওঁলোকৰ সৈতে আছো। আমি আশা কৰোঁ যে, ইউক্ৰেইনৰ পৰিস্থিতি সোনকালেই উন্নত হ'ব আৰু ফুটবলে আকৌ এবাৰ জনসাধাৰণৰ মাজত শান্তি আৰু সংহতিৰ সৃষ্টি কৰিব।"

ফিফাৰ উপৰিও, ইউৰোপীয় ফুটবল সংস্থা চমুকৈ উৱেফায়ো ৰাছিয়াকো নিষিদ্ধ কৰিছে। ৰাছিয়াৰ ফুটবল ক্লাবসমূহক বিশ্বৰ প্ৰতিটো প্ৰতিযোগিতা আৰু চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ নিষিদ্ধ কৰা হৈছে। একে সময়তে, ৰাছিয়ান ক্লাব স্পৰ্টছ মস্কো ইউৰোপীয় লীগৰ পৰা বাদ পৰিছে।

উল্লেখ্য যে কাটাৰ বিশ্বকাপ ২০২২ৰ গ্ৰুপ 'এ'ত আছে- কাটাৰ, ইকুৱেডৰ, ছেনেগাল, নেডাৰলেণ্ড। গ্ৰুপ 'বি'ত আছে- গ্ৰুপ বি: ইংলেণ্ড, ইৰাণ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৱেলচ। একেদৰে গ্ৰুপ 'চি'ত আছে- আৰ্জেণ্টিনা, চৌদি আৰৱ, মেক্সিকো, পোলেণ্ড।

গ্ৰুপ 'ডি'ত- ফ্ৰান্স, অষ্ট্ৰেলিয়া, ডেনমাৰ্ক, টিউনিচিয়া। গ্ৰুপ 'ই'ত- স্পেইন, কোষ্টা ৰিকা, জাৰ্মানী, জাপান। গ্ৰুপ 'এফ'- বেলজিয়াম, কানাডা, মৰক্কো, ক্ৰোৱেছিয়া। গ্ৰুপ 'জি'ত- ব্ৰাজিল, ছাৰ্বিয়া, চুইজাৰলেণ্ড, কেমেৰুন আৰু গ্ৰুপ 'এইচ'ত আছে পৰ্তুগাল, ঘানা, উৰুগুৱে, কোৰিয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in