কাইলৈৰ পৰা যাত্ৰা আৰম্ভ হ'ব “ভাৰত গৌৰৱ” ৰে’লৰ..

উত্তৰ-পূৰ্বাঞ্চল সামৰি কাইলৈ পৰা যাত্ৰা আৰম্ভ কৰিব “ভাৰত গৌৰৱ” ৰে’লে। উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় ৰেলৱেৰ নতুন সংযোজন।
কাইলৈৰ পৰা যাত্ৰা আৰম্ভ হ'ব “ভাৰত গৌৰৱ” ৰে’লৰ..

ডিজিটেল ডেস্ক: উত্তৰ-পূৰ্বাঞ্চল সামৰি কাইলৈ পৰা যাত্ৰা আৰম্ভ কৰিব “ভাৰত গৌৰৱ” ৰে’লে। উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় ৰেলৱেৰ নতুন সংযোজন। উত্তৰ-পূবত “ভাৰত গৌৰৱ ডিলাক্স এচি” পৰ্যটক ৰেল প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰে’লৱে। আৰু ইয়াৰ বাবে ইতিমধ্যেই সাজু হৈ উঠিছে ৰে'ল বিভাগ।

ৰে’লখনে অহা ২১ মাৰ্চত দিল্লীৰ চফদৰজং ৰে'ল ষ্টেচনৰ পৰা নিশা ২ বজাত আৰম্ভ কৰিব যাত্ৰা।  ১৫ দিনীয়া "নৰ্থ ইষ্ট ডিস্কভাৰী: বিয়ণ্ড গুৱাহাটী" ভ্ৰমণ নামৰ কাৰ্যসূচীৰে আৰম্ভ হ'ব ভাৰত গৌৰৱৰ যাত্ৰা। মুঠ প্ৰায় ৫,৮০০ কিলোমিটাৰ যাত্ৰাপথত ৰে'লখনে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ক সামৰি ল’ব । দিল্লী, গাজিয়াবাদ, আলিগড়, টুণ্ডলা, ইটাৱা, কানপুৰ, লক্ষ্ণৌ আৰু বাৰাণসী আদিৰ যাত্ৰীৰ বাবে বৰ্ডিং আৰু ডিবৰ্ডিঙৰ বিকল্প ৰাখিব ৰে'লখনে।

ভাৰত গৌৰৱ ৰেলখনে যাত্ৰপথত সামৰি ল’ব লগা পৰ্যটন মূলক ঠাই সমূহ হ’ল- গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদী, কামাখ্যা মন্দিৰ আৰু উমানন্দ মন্দিৰৰ সূৰ্যাস্তৰ সময়, ইটানগৰৰ দৰ্শনক্ষেত্ৰ, শিৱসাগৰৰ আহোম ৰাজ্য ভ্ৰমণ য’ত তালতল ঘৰ, ৰং ঘৰ, আৰু শিৱ দোলৰ দৰ্শন সামৰি লোৱা হ'ব। আনহাতে কাজিৰঙাৰ লগতে চাহ বাগিচা দৰ্শনকো সামৰিব ভাৰত গৌৰৱ ৰেলে। আকৌ উনাকোটিৰ শিল আৰু পাহাৰীয়া অঞ্চলৰ মনোৰম দৃশ্য সামৰি জাম্পুই পাহাৰৰ ঘন অৰণ্য ভ্ৰমণ কৰিব ৰেলখনে।

ইয়াৰ পাছতেই যাত্ৰা হ'ব ত্ৰিপুৰাৰ সুন্দৰী মন্দিৰ,  উদয়পুৰ আৰু আগৰতলাৰ উজজয়ন্ত প্ৰাসাদ, ক’হিমা, ডিমাপুৰ, খোনোমা হেমলেট আদি স্থানলৈ। শ্বিলঙৰ উমিয়াম হ্ৰদকো সামৰি ল'ব ভাৰত গৌৰৱে। তদুপৰি পূব খাচী পাহাৰ,  শ্বিলং পিগ,  এলিফেন্ট জলপ্ৰপাত, নোহকলিকাই জলপ্ৰপাত আৰু মাওচমাই গুহাসমূহ সামৰি চেৰাপুঞ্জিত অন্ত পৰিব ভ্ৰমণ যাত্ৰা। মুঠৰ ওপৰত ভ্ৰমণকাৰীক উত্তৰ পূৰ্বাঞ্চলৰ সৌন্দৰ্যই আকৰ্যিত কৰিব পৰাকৈ এই যাত্ৰাৰ পৰিকল্পনা কৰা হৈছে।

কাইলৈৰ পৰা যাত্ৰা আৰম্ভ হ'ব “ভাৰত গৌৰৱ” ৰে’লৰ..
প্ৰকাশ পালে বন্যহস্তী মৃত্যুৰ তথ্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in