এতিয়াৰে পৰা শনিবাৰেও সকলো বেংক বন্ধ থকাৰ দিশে দেশ

এতিয়াৰে পৰা শনিবাৰেও সকলো বেংক বন্ধ থকাৰ দিশে দেশ

ডিজিটেল ডেস্ক : এতিয়াৰে পৰা শনিবাৰেও সকলো বেংক বন্ধ থকাৰ দিশে আগবাঢ়িছে ভাৰতবৰ্ষ । ভাৰতীয় বেংক সন্থাই অতি শীঘ্ৰেই হয়তো এই সন্দৰ্ভত ল'ব কোনো সিদ্ধান্ত । এনে হ'লে পূৰ্বে মাহৰ প্ৰথম আৰু তৃতীয় শনিবাৰে খোলা থকা বেংকসমূহে বন্ধ ৰাখিব লাগিব কাৰ্যালয় ।

উল্লেখ্য যে, সৰ্ব ভাৰতীয় পৰ্যায়ত বেংক কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি সপ্তাহত ৫ দিন কাম কৰাৰ দাবী উত্থাপন কৰি আহিছিল আৰু যাৰ বাবেই ভাৰতীয় বেংক সন্থাই এই ক্ষেত্ৰত এক সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশে আগবাঢ়িছে ।

অৱশ্যে তেনে হ'লেও ভাৰতীয় বেংক সন্থাই আন এক নীতিও ঘোষণা কৰিব ইয়াৰ সৈতেই । এই নীতি অনুসৰি, প্ৰতিদিনেই অতিৰিক্ত ৫০ মিনিট সময় দিব লাগিব কাৰ্যালয়ত । অৰ্থাৎ পূৰ্বে ৪ বজাত বন্ধ হোৱা বেংক সমূহ হয়তো এতিয়া বিয়লি ৪.৫০ বজালৈ খোলা থাকিব গ্ৰাহকৰ বাবে ।

এই বাতৰি বিগত মাৰ্চ মাহতেই সামাজিক আৰু সংবাদ মাধ্যমত বিয়পি পৰিছিল যদিও শেহতীয়াকৈ পুনৰ আন এক মাইক্ৰব্লগিং ছাইট টুইটাৰত এই সন্দৰ্ভত জোৱাৰ উঠিছে । তেনেস্থলত হয়তো অতি সোনকালেই এক সিদ্ধান্তত উপনীত হ'ব ভাৰতীয় বেংক সন্থা ।

এতিয়াৰে পৰা শনিবাৰেও সকলো বেংক বন্ধ থকাৰ দিশে দেশ
নিষিদ্ধ মাৰাত্মক ড্ৰাগছৰ ৰম্যভূমিলৈ পতিত ঢকুৱাখনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in