নিষিদ্ধ মাৰাত্মক ড্ৰাগছৰ ৰম্যভূমিলৈ পতিত ঢকুৱাখনা

নিষিদ্ধ মাৰাত্মক ড্ৰাগছৰ ৰম্যভূমিলৈ পতিত ঢকুৱাখনা

ডিজিটেল সংবাদ, ঢকুৱাখনা: যুৱ প্ৰজন্মৰ প্ৰতি অভিশাপ স্বৰূপ হৈ দেখা দিয়া মাৰাত্মক  ড্ৰাগছ এতিয়া সুলভ আৰু সহজলভ্য হৈ পৰিছে ঢকুৱাখনাত। এচাম বিপথগামী যুৱ প্ৰজন্মৰ মাজত মুকলি ভাবে প্ৰচলিত হোৱা এই ভয়ংকৰ জালত ইতিমধ্যে ঢকুৱাখনা মহকুমাৰ বহু সংখ্যক যুৱ প্ৰজন্ম বন্দী হোৱা পৰিলক্ষিত হৈছে।

প্ৰথমাৱস্থাত মুষ্টিমেয় ড্ৰাগছ সেৱনকাৰী মহকুমাটোত উপলব্ধ হৈছিল যদিও পৰৱৰ্তী সময়ত এই মাৰাত্মক ড্ৰাগছৰ সাৰ্বজনীন আৰু মুকলি বেহা এখন গঢ় লৈ উঠিছে এনে এচাম  বিপথগামী যুৱকৰ পৃষ্ঠপোষকতাত । 

তথ্য মতে বিগত প্ৰায় ৬ মাহত মহকুমাটোত এনে  মাৰাত্মক ড্ৰাগছৰ সেৱন আৰু সৰবৰাহৰ গোচৰ পঞ্জীভূত হৈ ১৫ জন যুৱক ন্যায়িক জিম্মালৈ প্ৰেৰিত হৈছে। দিনক দিনে এই  ভয়াবহ ড্ৰাগছ কিনা বেচাৰ মুকলি বেহাখন বিপদজনক ভাবে বৃদ্ধি  পোৱাত সন্ত্ৰস্ত হৈ পৰিছে  সচেতন মহল আৰু অভিভাৱক সকল ।

শেহতীয়াভাৱে  ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত কাঠৰবাৰী গাঁওৰ দীপক গোঁহাই নামৰ এজন ২৫ বছৰীয়া যুৱক এই মাৰাত্মক বেহাৰ সতে জড়িত হোৱাৰ অভিযোগত ন্যায়িক জিম্মালৈ গতি কৰিব লগা হৈছে। ধৃত দীপক গোঁহাই  নামৰ সৰবৰাহকাৰী যুৱজনৰ পৰা ঢকুৱাখনা আৰক্ষীয়ে ১'১৬ গ্ৰাম নিষিদ্ধ ড্ৰাগছ কন্তেইনাৰ সহ গ্ৰেপ্তাৰ কৰাৰ পাছত  এই বেহাখনৰ সতে ঢকুৱাখনাৰ অন্য এজন যুৱক জড়িত থকাৰ তথ্য ধৃত গোঁহাইৰ স্বীকাৰুক্তিৰ পৰা পোহৰলৈ আহিছে। 

ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত গোচৰ( নং-  ৫৫ /২০২৩) ৰ এন ডি পি এচ আইনৰ ২১(এ) /২৫/২৯ ধাৰাৰ  ভিত্তিত গ্ৰেপ্তাৰ হোৱা দীপক গোঁহাইয়ে আৰক্ষীৰ জেৰাত নাম লৈছে ঢকুৱাখনা চেতিয়া গাঁওৰ অভিজিৎ চেতিয়া নামৰ এজন যুৱকৰ নাম । যি এই নিষিদ্ধ বেহাৰ সতে জড়িত বুলিও আৰক্ষীক জনাইছে ড্ৰাগছৰ সৈতে ধৃত যুৱকজনে । আৰক্ষীয়ে উক্ত পঞ্জীভূত গোচৰৰ মূল অভিযুক্ত দীপক গোঁহাইক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে যদিও অন্যজন অভিযুক্ত হিচাবে বিবেচিত অভিজিৎ চেতিয়াক অদ্যপি  আটক কৰা বা নিজৰ জিম্মালৈ এবাৰো আনিবলৈ ৰহস্যজনক ভাৱে সক্ষম হোৱা নাই।

উল্লেখ্য যে আৰক্ষীয়ে এনে সমাজ বিৰোধী আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰতি চূড়ান্ত ভাবুকি স্বৰূপ স্পৰ্শকাতৰ গোচৰৰ নিৰপেক্ষ তদন্তৰ ক্ষেত্ৰত প্রদর্শন কৰা ৰহস্যজনক হেমাহী আৰু দৰদৰ বাবে দিনক দিনে চিন্তনীয় ধৰণে বৃদ্ধি পাই আহিছে এই নিষিদ্ধ বেহাৰ ।  অতি তাৎপৰ্যপূৰ্ণ ভাবে একাংশ ধনৱন্ত অভিভাৱকৰ দায়িত্বহীনতা, আৰক্ষী বিভাগৰ গুৰুত্বহীনতা আৰু সমাজ সংগঠনৰ বেপৰোৱা মনোভাৱৰ বাবে এই নিষিদ্ধ বেহাখন উদ্বেগজনক ভাৱে শিপাইছে মহকুমাটোত ।

মহকুমাটোৰ বিভিন্ন গ্ৰামাঞ্চললৈকো সম্প্ৰসাৰিত এই বেহাখনত অভিভাৱকৰ  জ্ঞাতে অজ্ঞাতে নামি পৰা এচাম পথভ্ৰূষ্ট যুৱকক সৎপথলৈ উভতাই অনাত আৰক্ষী ,অভিভাৱক তথা সচেতন মহল সক্ৰিয়তাৰে ব্ৰতী নহ'লে অচিৰেই ঢকুৱাখনা মহকুমা অবৈধ আৰু নিষিদ্ধ ড্ৰাগছৰ ৰম্যভূমিলৈ যে পতিত হ'ব সেয়া সাম্প্ৰতিক পৰিস্থিতিয়ে প্ৰকট কৰিছে ।

নিষিদ্ধ মাৰাত্মক ড্ৰাগছৰ ৰম্যভূমিলৈ পতিত ঢকুৱাখনা
পৰীক্ষাৰ ফলাফল মানেই যেন হতাশালৈ পৰিৱৰ্তিত হৈছে ভাৰতীয় শিক্ষা ব্যৱস্থা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in