/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/505a409a-5f4b-4237-a591-315b38ec5518/bangla.jpg)
ডিজিটেল ডেস্ক : অবৈধভাৱে ভাৰতৰ মাটিত প্ৰৱেশ দুই বাংলাদেশী মহিলাৰ। বাংলাদেশৰ মহিলা দুগৰাকীয়ে শনিবাৰে উত্তৰ বংগ ভাৰত-বাংলাদেশ সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰে।
সেই সময়তে পহৰাদাৰী সীমান্ত সুৰক্ষা বাহিনীয়ে দুই বাংলাদেশী মহিলাক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত আটক কৰে। জানিব পৰা মতে সীমান্তৰে মহিলা দুগৰাকীয়ে পাৰ হ'ব লওতেই সুৰক্ষা বাহিনীয়ে আটক কৰে।
শনিবাৰে বিএছএফৰ নৰ্থ বেংগল ফ্ৰণ্টিয়াৰে টুইটযোগে এই কথা প্ৰকাশ কৰে। উল্লেখ্য যে শুকুৰবাৰে বি এছ এফে ৩,৯১৬ টা য়াবা টেবলেট, ১০০ গ্ৰাম হেৰোইন আৰু এখন মটৰচাইকেল জব্দ কৰিছিল।
Also Read: মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আছুৰ চাইকেল ৰেলী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us