/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/8947985e-ec34-4b3f-b29b-9594bfb345c9/ASSU_rally.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শনিবাৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত অসম চৰকাৰৰ অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত চাইকেল ৰেলীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হয় ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আছুৰ বিশাল চাইকেল ৰেলীত আছুৰ বিষয়ববীয়াৰ লগতে বহু ছাত্ৰই হাতত প্লে-কাৰ্ড লৈ ৰুণোজ পেগু মুদাৰ্বাদ, মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰক দাবীৰে বিশাল চাইকেল ৰেলী বাহিৰ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f34dc037-106d-4cc3-b0c7-04efffcffb91/64d1dedb_82fb_42c6_ad22_9f760ba1f960.jpg)
কুঁৱৰীটোল ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলী অন্ত পৰে কলিয়াবৰ তিনিআলি স্থিত মহকুমাধিপতি কাৰ্যালয়ৰ সমীপত। ছাত্ৰ সন্থাৰ চাইকেল শোভাযাত্ৰা কাৰ্যসূচীৰ প্ৰতি সমর্থন জনাই কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰৰ লগতে বিষয়ববীয়াসকল, কলিয়াবৰ জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি প্ৰমুখ্যে বৰ্তমানৰ সভাপতি-সম্পাদকৰ সহিতে বিষয়ববীয়াসকল, শিলঘাট অশোকাষ্টমী মেলা সমিতিৰ সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকলৰ লগতে কলিয়াবৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তি সকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9f061bad-0fe2-4dc8-9256-29e14836ee54/b4f86b59_51c3_4c4f_965a_1c10b45587f5.jpg)
অসম চৰকাৰে অতি শীঘ্ৰে মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে পৰৱৰ্তী সময়ত ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি ছাত্ৰ সংগঠনটোৱে সকিয়নি প্ৰদান কৰে ৷
Also Read: গৃহ বিভাগৰ নিৰ্দেশৰ পিছতেই তৎপৰ ৰাজ্যৰ আৰক্ষী থানা...