ভাৰতত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা; ৭ টাকৈ চুক্তি হোৱাৰ সম্ভাৱণা…

৪ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে সোমবাৰে দিল্লীত উপস্থিত হয় বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা।দিল্লীৰ যাত্ৰাৰ সময়ত বাংলাদেশ আৰু ভাৰতৰ মাজত জল ব্যলস্থাপনা , ৰে’ল আৰু বিজ্ঞান তথা প্ৰযুক্তিৰ লগতে প্ৰায় ৭ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱণা আছে।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিমন্ত্ৰণ মৰ্মে আজি দিল্লীত উপস্থিত হৈছে শ্বেখ হাচিনা।

author-image
Asomiya Pratidin
New Update
ভাৰতত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা; ৭ টাকৈ চুক্তি হোৱাৰ সম্ভাৱণা…

ডিজিটেল ডেস্ক: ৪ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে সোমবাৰে দিল্লীত উপস্থিত হয় বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা।দিল্লীৰ যাত্ৰাৰ সময়ত বাংলাদেশ আৰু ভাৰতৰ মাজত জল ব্যলস্থাপনা , ৰে’ল আৰু বিজ্ঞান তথা প্ৰযুক্তিৰ লগতে প্ৰায় ৭ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱণা আছে।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিমন্ত্ৰণ মৰ্মে আজি দিল্লীত উপস্থিত হৈছে শ্বেখ হাচিনা।

মন্ত্ৰী এম কে আব্দুল মোমেনে কয় যে আশা কৰা হৈছে যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচী সফল হ’ব। আমাৰ লক্ষ্য পূৰণ হোৱাত সহায় কৰিব। দুয়ো পক্ষৰ মাজত ইন্ধনক লৈও আলোচনা হোৱাৰো সম্ভাৱণা আছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে এই বুজাবুজি চুক্তিত জল ব্যৱস্থাপনা, বিজ্ঞান আৰু প্ৰযুক্তি, ৰে’ল, আইন, তথ্য আৰু সম্প্ৰচাৰৰ দৰে ক্ষেত্ৰসমূহ সামৰি লোৱা হ’ব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা ৩ বছৰৰ পাছত ভাৰত ভ্ৰমণলৈ আহিছে। ইয়াৰ পূৰ্বে তেওঁ ২০১৯ চনত ভাৰতলৈ আহিছিল। এই ভ্ৰমণৰ কালত বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ আৰু উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়কো সাক্ষাৎ কৰিব।

bangladesh india narendra modi sheikh hasina