অৱশেষত সন্ধান ওলাল বাংলাদেশৰ নিৰুদ্দিষ্ট সাংসদৰঃ বিলাসী অট্টালিকাত উদ্ধাৰ মৃতদেহ...

কোনে আৰু কিয় হত্যা কৰিলে সেই বিষয়ে আৰম্ভ হৈছে তদন্ত

author-image
Asomiya Pratidin
New Update
অৱশেষত সন্ধান ওলাল বাংলাদেশৰ নিৰুদ্দিষ্ট সাংসদৰঃ বিলাসী অট্টালিকাত উদ্ধাৰ মৃতদেহ...

অৱশেষত সন্ধান ওলাল বাংলাদেশৰ নিৰুদ্দিষ্ট সাংসদৰঃ বিলাসী অট্টালিকাত উদ্ধাৰ মৃতদেহ...

ডিজিটেল ডেস্কঃ অৱশেষত সন্ধান ওলাল চিকিৎসাৰ বাবে আহি কলকাতাত সন্ধানহীন হোৱা বাংলাদেশৰ সাংসদ আনৱাৰুল আজিম আননৰ। বাংলাদেশৰ শাসক দল আৱামী লীগৰ ৩ বাৰৰ এইগৰাকী সাংসদ বিগত ৮ দিন ধৰি সন্ধানহীন হৈ আছিল। অৱশেষত তেওঁৰ সন্ধান পালে আৰক্ষীয়ে। কলকাতাৰ নিউটাউনত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ।

Advertisment

ইয়াৰ পাছতেই এতিয়া দুয়োখন দেশৰ কূটনৈতিক ক্ষেত্ৰতখনত প্ৰভাৱ পৰাৰ স্পষ্ট ইংগিত পোৱা গৈছে। তেওঁক কোনে, কি, কাৰণত হত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

উল্লেখ্য যে, চিকিৎসাৰ বাবে যোৱা ১২ মে’ত কলাকাতালৈ আহিছিল ভাৰত সীমান্তৰ বাংলাদেশৰ ঝেনাইদাহ-৪ সমষ্টিৰ এইগৰাকী সাংসদ। তাৰ পাছৰ পৰাই পৰিয়ালৰ সৈতে তেওঁৰ যোগাযোগ নোহোৱা হয়। ১৪ মে’ত ৰ পৰা তেওঁৰ ফোনো ছুইচ অফ হৈ আছিল।

উপায়হীন হৈ সাংসদগৰাকীৰ পত্নীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে যোগাযোগ কৰে। তাৰ পাছতেই বাংলাদেশ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে দিল্লী কলাকাতাস্থিত বাংলাদেশ দূতাবাসৰ সৈতে যোগাযোগ কৰে।

তাৰ পাছত কলকাতা আৰক্ষীৰ সৈতে বাংলাদেশৰ ডিটেকটিভ আৰক্ষীয়ে তেওঁৰ সন্ধান বিচাৰি অভিযান আৰম্ভ কৰে। তাৰ পাছতেই বুধবাৰে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।

জানিব পৰা মতে কলকাতাত উপস্থিত হোৱাৰ পাছতে তেওঁ পাইছিলগৈ বৰানগৰত থকা গোপাল বিশ্বাস নামৰ তেওঁৰ এজন দীৰ্ঘদিনৰ চিনাকী বন্ধুৰ ঘৰত। ২ দিন তাতেই থকাৰ পাছত ১৪ মে’ত তেওঁ তাৰ পৰা বিদায় লয় আৰু বিশেষ কাৰণত ক’ৰবালৈ যায় আৰু সেই দিনাই ঘূৰি আহিব বুলি কয় যদিও ঘূৰি নাহে।

তাৰ পাছৰ দিনাও সাংসদগৰাকী ঘূৰি নহাত তেওঁ আৰক্ষীৰ কাষ চাপে। ইফালে আজি তেওঁৰ মৃতদেহ উদ্ধাৰৰ পাছতে আন এক তথ্য পোহৰলৈ আহিছে। সাংসদগৰাকীয়ে কলকাতাৰ নিউ টাউনত এটা বিলাসী অট্টালিকা ভাড়ালৈ লৈছিল। তাতেই এগৰাকী মহিলা বন্ধুৰ সৈতে আৰু কেইবাজনো লোক আছিল। কিন্তু তেওঁক কোনে আৰু কিয় হত্যা কৰিলে সেয়াহে জানিব পৰা হোৱা নাই।

ইফালে এইগৰাকী সাংসদৰ বিৰুদ্ধে আছে নকল সোণ, ধন যোগানৰ চিণ্ডিকেট চক্ৰৰ সৈতে জড়িত থকাৰো অভিযোগ। তেওঁ ঢাকাৰ পৰা ভাৰতলৈ সোণৰ চোৰাং ব্যৱসায়ৰ পথো নিয়ন্ত্ৰণ কৰে বুলিও অভিযোগ আছে।

ঢাকা আৰু আন বিদেশী ৰাষ্ট্ৰৰ পৰা অবৈধ ধন ৰপ্তানিতো তেওঁ এক বৃহৎ চিণ্ডিকেট নিয়ন্ত্ৰণ কৰে। এজন ভাৰতীয়লৈ তেওঁ এনেদৰে ধন ৰপ্তানি কৰাৰ সময়তে এক মোটা অংকৰ ধন কৌশলেৰে আত্মসাত কৰা বুলিও অভিযোগ আছে। সেয়ে এই চিণ্ডিকেট চক্ৰও তেওঁৰ হত্যাৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছে।

Also Read: কলাকাতাত চিকিৎসা কৰিব আহি সন্ধানহীন বাংলাদেশৰ সাংসদঃ অপহৰণ হোৱাৰ সন্দেহ...

কলকাতা বাংলাদেশ