তেলেংগানাত মুখ্যমন্ত্ৰী হ'ব পিছপৰা শ্ৰেণীৰ : অমিত শ্বাহ

তেলেংগানাত মুখ্যমন্ত্ৰী হ'ব পিছপৰা শ্ৰেণীৰ : অমিত শ্বাহ

ডিজিটেল ডেস্ক : তেলেংগানা বিধানসভাৰ দিন চমু চাপি আহিছে। আন আন ৰাজনৈতিক দলসমূহৰ দৰে মাৰবান্ধি সাজু হৈ উঠিছে বিজেপি। অহা ৩০ নৱেম্বৰত ৰাজ্যখনত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন।

আনহাতে ৩ ডিচেম্বৰত সম্পন্ন হ'ব ভোট গণনা পৰ্ব। ভাৰত ৰাষ্ট্ৰ সমিতি (বিআৰএছ) শাসনাধিষ্ঠিত ৰাজ্যখনত শুকুৰবাৰে নিৰ্বাচনী সভা এখনত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে

হাজাৰ হাজাৰ জনতা উপস্থিত থকা 'জন গৰ্জন সভা'ত মন্ত্ৰী শ্বাহে কয় যে, তেলেংগানাত এইবাৰ মুখ্যমন্ত্ৰী পিছপৰা শ্ৰেণীৰ হ'ব। বিজেপিয়ে পিছপৰা শ্ৰেণীৰ এগৰাকী মুখ্যমন্ত্ৰীৰ সন্ধান কৰি থকাৰ কথা শ্বাহে উল্লেখ কৰে।

উক্ত সভাত বিজেপিৰ ভালেসংখ্যক নেতা উপস্থিত থকাৰ লগতে বিভিন্ন দলীয় কৰ্মী উপস্থিত থাকে। উল্লেখ্য় যে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত বি আৰ এছে মুঠ ১১৯ খন আসনৰ ভিতৰত ৮৮ খন আসন লাভ কৰিছিল।

তেলেংগানাত মুখ্যমন্ত্ৰী হ'ব পিছপৰা শ্ৰেণীৰ : অমিত শ্বাহ
বালিজুৰিত ৫খনকৈ বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in