বালিজুৰিত ৫খনকৈ বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

বালিজুৰিত ৫খনকৈ বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ বালিজুৰিত শুকুৰবাৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৪০ লাখ টকা ব্যয় সাপেক্ষ নিৰ্মান হ'বলগীয়া ৪খনকৈ বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে ৷ ইয়াৰ লগতে বিধায়কগৰাকীয়ে ১৯৮৫ চনতে স্থাপন হোৱা মধ্য বালিজুৰি প্ৰাথমিক বিদ্যালয়ৰ এটি নৱনিৰ্মিত ভৱনৰ ৰঙা ফিটা কাটি দ্বাৰ উন্মোচন কৰে।

লগতে ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা এটি বিদ্যালয় গৃহৰো আধাৰশিলা স্থাপন কৰে ৷ অনুষ্ঠানত চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা আৰু মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে অংশগ্ৰহণ কৰে ৷

ইফালে বিদ্যালয়সমূহৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত বিধায়ক হাজৰিকাই কয় যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৱল নেতৃত্বৰ বাবেই চতিয়া সমষ্টিত তীব্ৰ গতিত উন্নয়ন সাধন হৈছে৷ 'মই বিধায়ক হিচাপে সমষ্টিটোৰ ৰাইজৰ সকলোবোৰ সমস্যা সমধান কৰিবলৈ সক্ষম হৈছো ৷

আজি এই বিদ্যালয়খনৰ নতুন গৃহৰ দ্বাৰ উন্মোচন কৰাৰ লগতে প্ৰায় ৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হ'বলগীয়া বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই মই সুখী হৈছো' বুলি মন্তব্য কৰে।

লগতে বিধায়কগৰাকীয়ে কয় যে ১৯৮৫ চনতে সেই সময়ৰ ৰাইজে বহু কষ্ট কৰি খেৰ বাঁহ কঢ়িয়াই আনি এই বিদ্যালয়খন নিৰ্মাণ কৰিছিল ৷ কিন্তু আজি ৰাইজৰ সেই সপোন পূৰ্ণ হ'ল ৷ নতুন বিদ্যালয়গৃহ নিৰ্মাণ হৈ উঠিল ৷

বালিজুৰিত ৫খনকৈ বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ
ঘোচ লৈ পলায়ন! আৰক্ষী বিষয়া কবিন্দ্ৰ ৰাভাক নিলম্বন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in