
ডিজিটেল ডেস্ক : শাসনাধিষ্ঠ চৰকাৰে স্বাস্থ্যখণ্ডৰ উন্নতিৰ ভূয়সী প্ৰশংসা কৰিলেও প্ৰকৃত উন্নতি যে এতিয়াও সম্ভৱ হৈ উঠা নাই সেই কথা সকলোৱে বুজি উঠিছে । দেশত এতিয়াও প্ৰতিদিনে ভুল চিকিৎসা অথবা চিকিৎসাৰ অভাৱৰ বাবে বহু লোকৰ মৃত্যু হয় । চৰকাৰী পিয়ল অনুসৰি এই পৰিসংখ্যা কম হ'লেও প্ৰকৃত পৰিসংখ্যা যে বহু বেছি সেই কথাও জানি উঠিছে ৰাইজে ।
তেনে এক ঘটনাই পুনৰ সংঘটিত হ'ল উত্তৰ প্ৰদেশত । ভুৱা চিকিৎসকৰ চিকিৎসাত প্ৰাণ গ'ল এটি আঢ়ৈ মহীয়া শিশুৰ । চিকিৎসক তিলক সিঙে বুধবাৰে অস্ত্ৰোপ্ৰচাৰ কৰিছিল শিশুটিৰ । তাৰ পাছতেই অত্যাধিক ৰক্তক্ষৰণৰ বাবে মৃত্যুমুখত পৰিছিল শিশুটি ।
উল্লেখ্য যে, এই সন্দৰ্ভত চিকিৎসক গৰাকীয়ে শিশুটিৰ অভিভাৱকক কোনো ধৰণে অৱগত নকৰিলে আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰিলে । এই সন্দৰ্ভত মুখ্য স্বাস্থ্য বিষয়া উমেশ চন্দ্ৰ ত্ৰিপাঠীয়ে আৰক্ষীৰ সন্মুখত মন্তব্য প্ৰদান কৰে যে, চিকিৎসক গৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে ইতিমধ্যে ।