কৃত্ৰিম বান ৰোধৰ গেৰাণ্টি দিব নোৱাৰে অশোক সিংহালেঃ ঈশ্বৰেই শেষ ভৰসা !

কৃত্ৰিম বান ৰোধৰ গেৰাণ্টি দিব নোৱাৰে অশোক সিংহালেঃ ঈশ্বৰেই শেষ ভৰসা !
কৃত্ৰিম বান ৰোধৰ গেৰাণ্টি দিব নোৱাৰে অশোক সিংহালেঃ ঈশ্বৰেই শেষ ভৰসা !

ডিজিটেল ডেস্কঃ কৃত্ৰিম বান ৰোধৰ ওপৰত গেৰাণ্টি দিব নোৱাৰে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহালে। গুৱাহাটীক বানুমক্ত কৰাৰ বাবে উচ্ছেদৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে যদিও গুৱাহাটী বানমুক্ত হ'বনে নাই সেই বিষয়ে নিশ্চিত নহয় অশোক সিংহাল। কৃত্ৰিম বাম ৰোধৰ বাবে একমাত্ৰ ভৰসা এতিয়া ঈশ্বৰহে।

হেলিকপ্টাৰেৰে গুৱাহাটী পৰিভ্ৰমণ কৰা মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয়, ‘হেলিকপ্টাৰেৰে আমি নলা ক'ত, কিমান বন্ধ হৈ আছে চাইছো। আবদ্ধ হৈ থকা নলা-নৰ্দমাবোৰ মুকলি কৰি দিম। কিন্তু কৃত্রিম বান একেবাৰে কমাব কেনেকৈ পাৰিম? তথাপি আমি চেষ্টা কৰি আছো।'

তেওঁ কয়, আৱৰ্জনাবোৰ যিমান পাৰো নলাৰ পৰা আঁতৰাইছো। কিন্তু এইবোৰ কাম কৰিলেও কৃত্রিম বান যে নহ'ব তাৰ কিবা গেৰাণ্টি আছে নেকি ? বৰষুণৰ দিন নহালৈকে আৰু প্ৰায় এমাহ ধৰি আমি নলা-নৰ্দমা পৰিষ্কাৰ কৰাৰ কাম কৰি থাকিম। ঈশ্বৰে এইবাৰ কৃত্ৰিম বানৰ সৃষ্টি নকৰক।’

উল্লেখ্য যে, গুৱহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি গুৱাহাটীৰ বাহিনীৰ ওপৰত থকা মুঠ ২৬ খন দলং ভাঙি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে। নলা, নৰ্দমা পৰিষ্কাৰ কৰা হৈছে। কিন্তু তাৰ পাছতো মন্ত্ৰী অশোক সিংহালৰ এই মন্তব্যই এতিয়া কৃত্ৰিম বান ৰোধৰ বিষয়টোক চিন্তিত কৰি তুলিছে।

কৃত্ৰিম বান ৰোধৰ গেৰাণ্টি দিব নোৱাৰে অশোক সিংহালেঃ ঈশ্বৰেই শেষ ভৰসা !
গ্ৰাম্য সমাজৰ পৰা ক্ৰমাৎ হেৰাই গৈছে পৰম্পৰাগত গো-পাল প্ৰথা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in