দিল্লী অগ্নিকাণ্ড ট্ৰেজেডীঃ নিহত ৭ নৱজাতক

দিল্লী অগ্নিকাণ্ড ট্ৰেজেডীঃ নিহত ৭ নৱজাতক

ডিজিটেল ডেস্কঃ শনিবাৰে দিল্লীৰ শাহদৰাৰ বিবেক বিহাৰৰ অন্তৰ্গত এখন বেবী কেয়াৰ চেন্টাৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ স্থানৰ পৰা ১২ নৱজাতকক উদ্ধাৰ কৰা হয় যদিও পৰৱৰ্তী সময়ত ৬ টাকৈ শিশুৰ মৃত্যু হয়। আনহাতে এটি নৱজাতকৰ পূৰ্বতে মৃত্যু হৈছিল। অন্য ৫ নৱজাতকক হাস্পতালত ভৰ্তি কৰা হৈছে। ইয়াৰে এজনৰ অৱস্থা কিছু সংকটজনক।

ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি শনিবাৰে নিশা প্ৰায় ১১.৩২ বজাত বেবী কেয়াৰখনত অগ্নিকাণ্ডৰ খবৰ পোৱা লগে লগে ঘটনাস্থলীত প্ৰশাসন তথা অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়। লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে নিশালৈ উদ্ধাৰ অভিযান চলায় বেবী কেয়াৰত আৱদ্ধ হৈ থকা চিকিৎসালয় কৰ্তৃপক্ষ আৰু নৱজাতকক উদ্ধাৰ কৰে। অভিযানত এটি মৃত শিশু উদ্ধাৰ কৰিছিল।

উল্লেখ্য যে, বেবী কেয়াৰখনৰ কাষত থকা এটা বিল্ডিঙো জুইৰ শিখাই আগুৰি ধৰে কিন্তু কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই। আনহাতে দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী অতুল গাৰ্গে অক্সিজেন চিলিণ্ডাৰৰ বিস্ফোৰণৰ বাবে এই অগ্নিকাণ্ড হোৱাৰ সন্দেহ কৰিছে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে বেবী কেয়াৰ হাস্পতালখনৰ স্বত্বাধিকাৰী নবীন কিচিৰৰ বিৰুদ্ধে আই পি চিৰ 336,304A আৰু 34 ধাৰাত এক গোচৰ ৰুজু কৰিছে। ঘটনা সংঘটিত হোৱা পাছৰে পৰা নবীন কিচি পলাতক হৈ আছে।

এই ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি কয় যে, "দিল্লীৰ চিকিৎসালয়ত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনা হৃদয় বিদাৰক। শোকসন্তপ্ত পৰিয়ালসমূহলৈ মই সমবেদনা জ্ঞাপন কৰিছো। আহত সকলো সোনকালে সুস্থ হৈ উঠক।"

সমান্তৰালকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই অগ্নিকাণ্ডৰ ঘটনাক হৃদয়বিদাৰক বুলি অভিহিত কৰে।তেওঁ কয় যে “ঘটনা সন্দৰ্ভত তদন্ত চলি আছে আৰু এই গাফিলতিৰ বাবে যিয়েই দায়ী তেওঁক ৰেহাই দিয়া নহ’ব”।

দিল্লী অগ্নিকাণ্ড ট্ৰেজেডীঃ নিহত ৭ নৱজাতক
কাছাৰৰ ধলাইৰ জামালপুৰত বিধ্বংসী অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in