/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/87cb6241-2c47-4089-92ea-2f60fe4cbe74/AP_FOR_WEB_ram_mandir.jpg)
ডিজিটেল ডেস্ক: আযোধ্যাত এতিয়া উখল-মাখল পৰিৱেশ।তুংগত চলিছে ২২ জানুৱাৰীত হ'বলগীয়া ৰাম মন্দিৰ উদ্ধোধনৰ প্ৰস্তুতি।এই উদ্ধোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলগীয়া লাখ লাখ ভক্তক আদৰিবৰ বাবে এতিয়া ফুল-লাইটৰে সজাই পৰাই তোলা হৈছে সমগ্ৰ আযোধ্যা। যেনিয়েই চকু যায়, তেনিয়েই কেৱল ফুল ফুল আৰু ফুল।
আযোধ্যাক ফুলৰে সজোৱাৰ দায়িত্বত আছে সীতাপুৰৰ ললিত কুমাৰ সিং।তদুপৰি, শ শ শ্ৰমিক চহৰখনৰ সা-সজ্জাৰ নামত নিয়োজিত হৈ আছে। ইতিমধ্যে কলকাতা, দিল্লী, গাজীপুৰ আদি চহৰৰ পৰা প্ৰায় ৩০০ কুইণ্টল ফুল সংগ্ৰহ কৰা হৈছে। আযোধ্যা সজাবলৈ অনা এই ফুলবোৰৰ ভিতৰত নাৰ্জী, ক্ৰিচেন্থেমাম, অৰ্কিড আৰু এন্থুৰিয়াম অন্যতম। এই ফুলৰে ৰাম পথ, ধৰ্ম পথ, বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনকে ধৰি চহৰখনৰ বিভিন্ন স্থানৰ শোভা বৰ্ধন কৰা হ'ব।
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে এতিয়া চহৰখনত এক উৎসৱৰ পৰিৱেশে বিৰাজ কৰিছে। সূৰ্য ষ্টাম্ব আৰু প’ষ্টাৰবোৰৰে অযোধ্যাৰ এটা বিশিষ্ট পথ আকৰ্ষণীয় কৰি তোলা হৈছে। এই পথছোৱাত সূৰ্য ষ্টম্বছ নামেৰে জনাজাত সূৰ্য-থিমযুক্ত স্তম্ভ স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও, ৰাম মন্দিৰ, নতুন বিমানবন্দৰৰ ছবি থকা ডাঙৰ প’ষ্টাৰৰ লগতে অযোধ্যাক মৰ্যদা, ধৰ্ম আৰু সংস্কৃতি চহৰ বুলি অভিহিত কৰা বাৰ্তাবোৰ চহৰখনৰ চাৰিওফালে সিঁচৰিত কৰা হৈছে।মুঠৰ ওপৰত সমগ্ৰ আযোধ্যাখন চাই হেপাহ নপলোৱাকৈ ধুনীয়া কৰি তোলা হৈছে।
তদুপৰি, ৰাম মন্দিৰ চৌহদত সজ্জাৰ বাবে ভূপালৰ নাৰ্চাৰীৰ পৰা ফুল অনা হ'ব। ৰাম মন্দিৰটো সজাবলৈ ব’গেনভিল ফুল ব্যৱহাৰ কৰা হ'ব।এই সন্দৰ্ভত ভূপালৰ নিচাৰ্গ নাৰ্চাৰীৰ গৰাকী ৰামকুমাৰ ৰাথোডে প্ৰকাশ কৰা মতে, ‘এতিয়ালৈকে ১০,০০০ ফুলৰ দুটা বাকচ অযোধ্যালৈ গৈছে।শেহতীয়াকৈ আমি আৰু ৫-৬ প্ৰকাৰৰ ফুলৰ অৰ্ডাৰ লাভ কৰিছো।ইয়াৰ ভিতৰত আছে বগা, কমলা, ৰঙা আৰু হালধীয়া ৰঙৰ বগেনভিল।’ তেওঁৰ মতে এই ফুলক বেছি যত্নৰ প্ৰয়োজন নাই।কম পানীতো এইবিধ ফুলক দীৰ্ঘদিনৰ বাবে সজীৱ কৰি ৰাখিব পাৰি।যাৰ বাবে সজ্জাৰ ক্ষেত্ৰত এই ফুলৰ গুৰুত্ব অপৰীসীম।
Also Read: আযোধ্যা ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি এই বিষয়ে জানি লওঁক