পৃথিৱীয়ে উদযাপন কৰিব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা

কেৱল ভাৰততে নহয়, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হ'ব। এই উপলক্ষে ঠায়ে ঠায়ে বহু কাৰ্যসূচী ৰূপায়নৰ যো-জা পূৰ্ণ গতিত চলিছে।হয়, এই ঐতিহাসিক মূহুৰ্তৰ সাক্ষী হিচাপে বিশ্বৰ ক’ত ক’ত কি কাৰ্যসূচী ৰূপায়ন কৰা হব, জানো আহক-

author-image
Asomiya Pratidin
New Update
পৃথিৱীয়ে উদযাপন কৰিব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা

ডিজিটেল ডেস্ক: কেৱল ভাৰততে নহয়, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হ'ব। এই উপলক্ষে ঠায়ে ঠায়ে বহু কাৰ্যসূচী ৰূপায়নৰ যো-জা পূৰ্ণ গতিত চলিছে।হয়, এই ঐতিহাসিক মূহুৰ্তৰ সাক্ষী হিচাপে বিশ্বৰ ক’ত ক’ত কি কাৰ্যসূচী ৰূপায়ন কৰা হব, জানো আহক- 

Advertisment

পেৰিছত ৰাম ৰথ যাত্ৰা

শ্ৰী ৰামৰ প্ৰতি শ্ৰদ্ধা-ভক্তি প্ৰদৰ্শন কৰি দেশৰ এটা হিন্দু গোটে ২১ জানুৱাৰীত ৰাম ৰথ যাত্ৰাৰ আয়োজন কৰিছে।এই যাত্ৰা প্লেচ ডি লা চেপেলৰ পৰা দুপৰীয়া প্ৰায় ১২.৩০ বজাত আৰম্ভ হ'ব আৰু বিয়লি প্ৰায় ৩ বজাত প্লেচ ডি ট্ৰোকাডেৰোত সমাপ্ত হ'ব।

আমেৰিকা যুক্তৰাষ্ট্ৰত কাৰ ৰেলী

হিন্দু আমেৰিকান সম্প্ৰদায়ৰ সদস্যসকলে শেহতীয়াকৈ হিউষ্টনজুৰি এক কাৰ ৰেলীৰ আয়োজন কৰে। এই ৰেলীত বাটত থকা ১১ টা মন্দিৰত ৰৈ তেওঁলোকে ভজন পৰিবেশন কৰি 'জয় শ্ৰী ৰাম'ৰ শ্লোগানো দিয়ে।গেৰুৱা বেনাৰ লৈ প্ৰায় ৫০০ লোকে ৰাম মন্দিৰ অংকন কৰা পতাকা, ভাৰতীয় পতাকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকা লৈ বহু কিলোমিটাৰ পথ ৰেলী উলিয়ায়। আমেৰিকাৰ আন বহু ঠাইতো ২২ জানুৱাৰীত বিশাল আয়োজনৰে প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি  বহু কাৰ্যসূচী ৰূপায়ন কৰিব। 

নিউয়ৰ্ক টাইমচ স্কোৱেৰত লাইভ টেলিকাষ্ট

ৰাম লাল্লাৰ বহু প্ৰতীক্ষিত অভিষেক অনুষ্ঠানটো কেৱল বিদেশৰ বিভিন্ন ভাৰতৰ দূতাবাসত নহয়, টাইমছ স্কোৱেৰতো লাইভ ষ্ট্ৰীম কৰা হ'ব। ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ-বিদেশত থকা ভগৱান ৰামৰ সকলো ভক্তক আয়োধ্যাৰ পৰা সম্বোধন কৰিব।

উল্লেখ্য যে, ২২ জানুৱাৰীত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশ্বৰ আন বহু ঠাইতো ভগৱান শ্ৰীৰামক স্মৰণ কৰা হ’ব।

Also Read: আযোধ্যা ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি এই বিষয়ে জানি লওঁক