অযোধ্যাত দীপোৎসৱৰ প্ৰস্তুতিঃ ২৮ লাখ চাকিৰে আলোকিত হব ৫৫ ঘাট...

অযোধ্যাত দীপোৎসৱৰ প্ৰস্তুতিঃ ২৮ লাখ চাকিৰে আলোকিত হব ৫৫ ঘাট...

author-image
Asomiya Pratidin
New Update
অযোধ্যাত দীপোৎসৱৰ প্ৰস্তুতিঃ ২৮ লাখ চাকিৰে আলোকিত হব  ৫৫ ঘাট...

ডিজিটেল ডেস্কঃ বিশাল কাৰ্যসূচীৰে দীপাৱলীৰ প্ৰস্তুতি চলিছে ৰাম জন্মভূমি অযোধ্যাত। সৰযু ঘাটৰ পৰা মঠ-মন্দিৰলৈকে সমগ্ৰ অঞ্চল চাকিৰ পোহৰেৰে আলোকিত হৈ পৰিছে। ৩০ অক্টোবৰৰ সন্ধিয়া চাকিৰ পোহৰেৰে বিশ্ব অভিলেখ গঢ়িবলৈ প্ৰস্তুতি চলোৱা হৈছে । ৰাম কি পেইড়িৰ ৫৫ ঘাটত ২৮ লাখ চাকি সাজু কৰি তুলিছে।

Advertisment

উল্লেখ্য যে অৱধ বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয় আৰু আন্তঃমহাবিদ্যালয়ৰ ৩০ হাজাৰ স্বেচ্ছাসেৱকে প্ৰখৰ ৰ'দকো নেওচি চাকিবোৰ সাজু কৰাৰ কামত নিয়োজিত হৈ আছে । ইতিমধ্যে ৰাম কি পেইড়িত চাকি সাজু কৰাৰ কাম সম্পূৰ্ণ হৈছে।

ইতিমধ্যে প্ৰতিটো পথ আৰু পদপথ পৰিষ্কাৰ কৰা হৈছে। ৰামপথ ফুলেৰে সজাই তুলিছে। মেয়ৰ গিৰীশ পতি ত্ৰিপাঠীয়ে কয়, "দীপোৎসৱৰ প্ৰস্তুতি চলি আছে । সমগ্ৰ অযোধ্যা ৰঙীন পোহৰেৰে আলোকিত কৰা হৈছে । এইবাৰ পৌৰ নিগমে গোটেই ৰাম পথটো ফুলেৰে সজাইছে । আমি কলি যুগত ত্ৰেতা যুগৰ পৰিৱেশ সৃষ্টি কৰাৰ সংকল্পৰ সৈতে কাম কৰি আছো ।"

Also Read: তিনিচুকীয়াত হঠাৎ‍ ৰাজপথতে জ্বলি উঠিল মেজিক বাহন...

ayodhya ram temple ayodhya diwali 2024