গেংটকত ভয়াৱহ হিমস্খলনঃ শিশুসহ ৬ জন লোকৰ মৃত্যু, ১৫০ জন আৱদ্ধ...

গেংটকত ভয়াৱহ হিমস্খলনঃ শিশুসহ ৬ জন লোকৰ মৃত্যু, ১৫০ জন আৱদ্ধ...
গেংটকত ভয়াৱহ হিমস্খলনঃ শিশুসহ ৬ জন লোকৰ মৃত্যু, ১৫০ জন আৱদ্ধ...

ডিজিটেল ডেস্কঃ পুনৰ এক ভয়ংকৰ হিমস্খলনে এই পৰ্যন্ত প্ৰাণ কাঢ়িলে ৬ জনৰ। এতিয়াও বৰফৰ মাজত আৱদ্ধ হৈ আছে ১৫ জনৰো অধিক লোক। আজি ছিকিমৰ বিখ্যাত পৰ্যটনস্থলী গেংকটকত সংঘটিত হৈছে কৰুণ ঘটনা।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি উদ্ধাৰ অভিযাত অতি তৎপৰতাৰে চলি আছে। নিশা প্ৰায় ১২ঃ২০ বজাত সংঘটিত হোৱা এই ঘটনাত নিহতসকলৰ ভিতৰত আছে ৪ গৰাকী পুৰুষ, এগৰাকী মহিলা আৰু এটা শিশু।

এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, যি স্থানত দুৰ্ঘটনাটো সংঘটিত হৈছে সেই স্থানলৈ পৰ্যটকসকলে অনুমতি অবিহনে গৈছিল। পৰ্যটকসকলক ১৩ তম মাইলৰ পাছ জাৰী কৰা হৈছিল। কিন্তু তেওঁলোকে অনুমতি অবিহনে ১৫ তম মাইললৈ গৈছিল। এই ১৫ তম মাইলত এই ঘটনা সংঘটিত হৈছে।

গেংটকত ভয়াৱহ হিমস্খলনঃ শিশুসহ ৬ জন লোকৰ মৃত্যু, ১৫০ জন আৱদ্ধ...
চি এছ কেৰ অধিনায়ক পদ ত্যাগ কৰিব এম এছ ধোনিয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in