চি এছ কেৰ অধিনায়ক পদ ত্যাগ কৰিব এম এছ ধোনিয়ে...

চি এছ কেৰ অধিনায়ক পদ ত্যাগ কৰিব এম এছ ধোনিয়ে...
চি এছ কেৰ অধিনায়ক পদ ত্যাগ কৰিব এম এছ ধোনিয়ে...

ডিজিটেল ডেস্কঃ অধিনায়ক পদ ত্যাগ কৰিব চেন্নাই চুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে! লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ বিৰুদ্ধে সোমবাৰে খেলা মেচৰ পিছত এই ইংগিত প্ৰদান কৰিছে ধোনিয়ে।

১২ ৰাণৰ ব্যৱধানত এল এছ জিক পৰাস্ত কৰা চি এছ কেয়ে কালিৰ মেচখনত প্ৰথমে বেটিং কৰি ২০ অভাৰত ৭ উইকেট হেৰুৱাই ২১৭ ৰাণ কৰিবলৈ সক্ষম হৈছিল। প্ৰত্যুত্তৰত এল এছ জিয়ে ২০ অভাৰত ৭ উইকেট হেৰুৱাই ২০৫ ৰাণহে কৰিবলৈ সক্ষম হয়।

মেচখনত ১২ ৰাণত বিজয় সাব্যস্ত কৰে চি এছ কেয়ে। তথাপিও সন্তুষ্ট নহয় অধিনায়ক এম এছ ধোনি। কিয়নো মেচখনত চি এছ কেয়ে অতিৰিক্ত ভাৱে ১৮ ৰাণ ব্যয় কৰিলে। এই অতিৰিক্ত ১৮ ৰাণৰ ভিতৰত ৩ ৰাণ আছিল ন’বলৰ, ১৩ ৰাণ আছিল ৱাইড বলৰ আৰু ২ ৰাণ আছিল লেগ বাইৰ।

সেয়ে কেপ্টেইন ধোনি চি এছ কেৰ বলাৰসকলক লৈ অসন্তুষ্ট। মেচৰ পিছত ধোনিয়ে নিজ দলৰ বলাৰসকলক সতৰ্কবাণী দিছে। ধোনিয়ে স্পষ্ট কৰি কৈছে যে, বেগী বলাৰসকলক যথেষ্ট সংশোধনীৰ প্ৰয়োজন আছে।

প্ৰতিদ্বন্দি দলটোৱে কি কৰি আছে সেই বিষয়ে লক্ষ্য ৰখাটোও প্ৰয়োজন। বলাৰসকলে ন’ বল নিদিয়াটো আৰু ৱাইড বল কম কৰাটো জৰুৰী। ইয়াৰোপৰি ধোনিয়ে সকিয়নি প্ৰদান কৰি কয়, এইদৰেই যদি অতিৰিক্ত ৰাণ ব্যয় কৰি থাকে তেনে পৰৱৰ্তী খেলত দলটোৱে নতুন অধিনায়কৰ নেতৃত্বত খেলিব লাগিব।

চি এছ কেৰ অধিনায়ক পদ ত্যাগ কৰিব এম এছ ধোনিয়ে...
গোলাঘাটত খালিস্থানী পতাকা দাহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in