দিল্লীক ৰাষ্ট্ৰপতি শাসনৰ অধীনলৈ অনাৰ ষড়যন্ত্ৰঃ আপ নেত্ৰী আতিশীৰ ভয়ংকৰ অভিযোগ

দিল্লীক ৰাষ্ট্ৰপতি শাসনৰ অধীনলৈ অনাৰ ষড়যন্ত্ৰঃ আপ নেত্ৰী আতিশীৰ ভয়ংকৰ অভিযোগ
দিল্লীক ৰাষ্ট্ৰপতি শাসনৰ অধীনলৈ অনাৰ ষড়যন্ত্ৰঃ আপ নেত্ৰী আতিশীৰ ভয়ংকৰ অভিযোগ

ডিজিটেল ডেস্কঃ সুৰা নীতি কেলেংকাৰীৰ অভিযোগত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পাছতে দিল্লী চৰকাৰৰ প্ৰতিনিধিসকলৰ মাজত ফাট মেলা পৰিলক্ষিত হৈছে। চৰকাৰখনৰ প্ৰতিনিধিসকলৰ দ্বাৰা আয়োজিত বৈঠকত একাংশ আপ নেতাই অংশগ্ৰহণ নকৰাৰ ভয়ংকৰ অভিযোগ আনিছে দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশী মাৰ্লেনাই।

তেওঁ কয় যে, দিল্লীত অৰবিন্দ কেজৰিৱালৰ চৰকাৰ আঁতৰাই ৰাষ্ট্ৰপতি শাসন চলোৱাৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ চলোৱা হৈছে। বিগত কিছু দিনৰ পৰা দিল্লীত কোনো চৰকাৰী বিষয়াক নিযুক্তি দিয়া নাই ফলস্বৰূপে দিল্লীৰ কেবাটাও বিভাগৰ পদ খালী হৈ আছে। ইয়াৰোপৰি ২০বছৰ পুৰণি ঘটনাৰ গইনা লৈ দিল্লীৰ মুখ্যমন্ত্ৰীৰ সচিবকো বৰ্খাস্ত কৰা হৈছে। এনে সমূহ ঘটনাই দিল্লীক ৰাষ্ট্ৰপতি শাসনৰ অধীনলৈ অনাৰ ষড়যন্ত্ৰ কৰিছে বুলিও মন্তব্য কৰে দিল্লীৰ শিক্ষামন্ত্ৰী তথা আপৰ শীৰ্ষ নেত্ৰীগৰাকীয়ে।

তেওঁ লগতে উক্ত বিষয়টোত ক্ষোভ উজাৰি কয়- দিল্লীৰ পৰা অৰবিন্দ কেজৰিৱালক আঁতৰোৱাটো বিজেপিৰ এক ব্যৰ্থ চেষ্টা। ৰাইজৰ আশীৰ্বাদত দিল্লীত পুনৰ কেজৰিৱাল চৰকাৰ আহিব। দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে সেয়ে এনে ধৰণৰ ষড়যন্ত্ৰ চলাইছে। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ২১মাৰ্চত ই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক।

দিল্লীক ৰাষ্ট্ৰপতি শাসনৰ অধীনলৈ অনাৰ ষড়যন্ত্ৰঃ আপ নেত্ৰী আতিশীৰ ভয়ংকৰ অভিযোগ
লোকসভা নিৰ্বাচনঃ আজি তৃতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰথম দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in