/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/48e7f45c-75b3-442e-9865-a013afe3cc75/AP_FOR_WEB_nomination_.jpg)
ডিজিটেল ডেস্কঃ অহা ৭ মে’ত দেশৰ ১২ খন ৰাজ্যত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ পিছতেই শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া। ১৯ এপ্ৰিলত মনোনয়ন দাখিলৰ অন্তিম দিন।
দেশৰ লগতে অসমতো আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া। অসমত মুঠ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে'ত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব গুৱাহাটী, ধুবুৰী, বৰপেটা আৰু কোকৰাঝাৰত।
উল্লেযোগ্য যে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ, যোৰহাট আৰু কাজিৰঙাত। দ্বিতীয় পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us