জনপ্ৰিয় হ'বলৈ অন কেমেৰা গুলীয়াই হত্যা কৰিলে আতিক আৰু আশ্ৰফক...

জনপ্ৰিয় হ'বলৈ অন কেমেৰা গুলীয়াই হত্যা কৰিলে আতিক আৰু আশ্ৰফক...
জনপ্ৰিয় হ'বলৈ অন কেমেৰা গুলীয়াই হত্যা কৰিলে আতিক আৰু আশ্ৰফক...

ডিজিটেল ডেস্কঃ প্ৰাক্তন সাংসদ তথা একালৰ গেংষ্টাৰ আতিক আহমেদক কিয় গুলীয়াই হত্যা কৰা হ'ল? কেমেৰাৰ সন্মুখতে শূন্য দূৰত্বৰ পৰা আতিক আহমেদক গুলীয়াই হত্যা কৰা হত্যাকাৰীয়ে ক’লে ইয়াৰ অন্তৰালৰ কাৰণ।

হত্যাকাৰীয়ে আৰক্ষীৰ আগত আগবঢ়োৱা ভাষ্য অনুসৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈকে তেওঁলোকে এইদৰে আতিক আহমেদক হত্যা কৰিলে। উল্লেখ্য যে, আতিক আহমেদৰ উপৰিও আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰিছিল তেওঁৰ ভাতৃ আশ্ৰফ আহমেদকো।

শনিবাৰে সংঘটিত হোৱা এই হত্যাকাণ্ডত আক্ৰমণকাৰীৰ গুলীত আহত হৈছিল আন এগৰাকী সাংবাদিক আৰু আৰক্ষী কনিষ্টবল। আৰক্ষীয়ে তিনি আক্ৰমণকাৰীকে ঘটনাস্থলীতে আটক কৰিবলৈ সক্ষম হৈছিল। তিনিও হত্যাকাৰীয়ে ঘটনা সংঘটিত কৰিয়েই আত্মসমৰ্পণ কৰিছিল।

সাংবাদিকৰ ৰূপত আহিছিল ৩ আক্ৰমণকাৰী। এই তিনি আক্ৰমণকাৰীয়ে দেওবাৰে তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰি আৰক্ষীৰ আগত জনপ্ৰিয়তা অৰ্জন কৰিবলৈকে এই কাণ্ড সংঘটিত কৰা বুলি উল্লেখ কৰিছে।

তেওঁলোকে আৰক্ষীক কয় যে, আতিক আৰু আশ্ৰফৰ গেঙটোক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ আৰু জনপ্ৰিয়তা অৰ্জন কৰিবলৈ এইদৰে দুয়োকে হত্যা কৰা হৈছিল। আৰক্ষীয়ে আতিক আৰু আশ্ৰফক নিজৰ জিম্মাত লোৱাৰ খবৰ পোৱাৰ পিছতে হত্যাকাৰীয়ে সাংবাদিকৰ ৰূপত আতিক আৰু তেওঁৰ ভাতৃক কিদৰে হত্যা কৰিব সেই পৰিকল্পনা কৰিছিল বুলিও উল্লেখ কৰিছে।

দেশ কপাই যোৱা এই হত্যাকাণ্ডৰ বলি হোৱা আতিক আহমেদৰ বিৰুদ্ধে আছিল কেইবাটাও গুৰুতৰ অভিযোগ। তেওঁৰ বিৰুদ্ধে বহুজন সমাজবাদী পাৰ্টীৰ প্ৰাক্তন বিধায়ক ৰাজু পালৰ হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগ আছিল।

একেদৰে এই হত্যাকাণ্ডৰ মূল সাক্ষী উমেশ পালৰ হত্যাকাণ্ডৰ সৈতেও আতিক আহমেদ জড়িত থকাৰ অভিযোগ আছিল। এইগৰাকী আতিক আহমেদক এইদৰে গুলীয়াই হত্যাকৰাৰ আঁৰত অৱশ্যে বহুতেই ৰাজনৈতিক ষড়যন্ত্ৰ বিচাৰি পাইছে। একাংশই ইছ্যু ডাইভাৰ্ট কৰিবলৈকে আতিক আৰু আশ্ৰফক এইদৰে হত্যাৰ বলি কৰা হ'ল বুলিও প্ৰচাৰ চলাইছে।

জনপ্ৰিয় হ'বলৈ অন কেমেৰা গুলীয়াই হত্যা কৰিলে আতিক আৰু আশ্ৰফক...
ব্যতিক্ৰমী পৰম্পৰাৰে বটদ্ৰৱা শলগুৰি সত্ৰত বিহু উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in