ব্যতিক্ৰমী পৰম্পৰাৰে বটদ্ৰৱা শলগুৰি সত্ৰত বিহু উদযাপন...

ব্যতিক্ৰমী পৰম্পৰাৰে বটদ্ৰৱা শলগুৰি সত্ৰত বিহু উদযাপন...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰঙালীৰ ৰঙত ৰঙীয়াল হৈ আছে অসমবাসী। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন পৰম্পৰাৰে পালন কৰা হয়। সাত বিহুৰ নামাকৰণো ঠাই ভেদে হয় বেলেগ বেলেগ।

২ ব'হাগৰ দিনা সমগ্ৰ ৰাজ্যতে গোসাঁই বিহু উদযাপনৰ পৰিৱৰ্তে বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ ৰাইজে মানুহ বিহু হিচাপে পালন কৰে। শ শ বছৰীয়া ঐতিহ্যময় পৰম্পৰাক ৰক্ষা কৰি দেওবাৰে শলগুৰি সত্ৰৰ আইমাতৃ, যুৱতী, বোৱাৰী সকলো একগোট হৈ মাহ হালধি সানি সমগ্ৰ সত্ৰ ভ্ৰমণ কৰি শেষত শান্তিজান স্নান কৰে।

আইমাতৃ সকলৰ সত্ৰ ভ্ৰমণ কালত প্ৰতিঘৰ গৃহস্থই সেৱা লয়। এই ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি বটদ্ৰৱা শলগুৰি সত্ৰত মানুহ বিহু পালন কৰে।

ব্যতিক্ৰমী পৰম্পৰাৰে বটদ্ৰৱা শলগুৰি সত্ৰত বিহু উদযাপন...
ব'হাগ আহিল বৰদৈচিলা নাহিল, এইবাৰ যেন বিহু বিঘিনি নজন্মাবলৈয়ে নাহিল বৰদৈচিলা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in