দিল্লী সুৰা কেলেংকাৰীত অভিযুক্তৰ ৫২ কোটি টকাৰ সম্পত্তি জব্দ ই ডিৰ...

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা মনীষ চিছোদিয়া সহ কেইবাজনো নেতাৰ সম্পত্তি ই ডিয়ে বাজেয়াপ্ত

author-image
Asomiya Pratidin
New Update
দিল্লী সুৰা কেলেংকাৰীত অভিযুক্তৰ ৫২ কোটি টকাৰ সম্পত্তি জব্দ ই ডিৰ...

ডিজিটেল ডেস্ক : দিল্লীৰ সুৰা কেলেংকাৰীৰে জড়িতসকলৰ সম্পত্তি বাজেয়াপ্ত কৰিছে ই ডিয়ে। দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা মনীষ চিছোদিয়া সহ কেইবাজনো নেতাৰ সম্পত্তি ই ডিয়ে বাজেয়াপ্ত কৰিছে। য'ত নাম অন্তৰ্ভুক্ত আছে অমনদীপ সিং ধল, ৰাজেশ যোশী, গৌতম মালহোত্ৰা আৰু আন কেইবাজনৰো।

Advertisment

এই সুৰা কেলেংকাৰীৰে অভিযুক্তসকলৰ প্ৰায় ৫২ কোটিতকৈও অধিক সম্পত্তি বাজেয়াপ্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে দুটা বেংক একাউণ্টত জমা থকা প্ৰায় ১১ লাখ টকা। সেই বেংক একাউণ্ট কেইটাৰ গৰাকী হ'ল মনীষ চিছোদিয়া আৰু তেওঁৰ পত্নী সীমা।

আনহাতে এই কেলেংকাৰীৰ সন্দৰ্ভত মনীষ চিছোদিয়াৰ ঘনিষ্ঠ ব্যৱসায়ী দীনেশ আৰোৰা নামৰ এজনকো আটক কৰিছিল ই ডিয়ে। উল্লেখ্য যে, এই কেলেংকাৰীৰ সন্দৰ্ভত বিগত বৰ্ষত লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাই চিবিআই তদন্তৰ নিৰ্দেশ দিছিল।

Also Read: উন্নয়নৰ নামত ধ্বংস হাজাৰ-হাজাৰ শালগছ...

manishs sisodia