উন্নয়নৰ নামত ধ্বংস হাজাৰ-হাজাৰ শালগছ...

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ তথা উন্নয়নৰ নামত বনবিভাগে ধ্বংস কৰিলে প্ৰায় ৮০০০ জোপা শালগছ।

author-image
Asomiya Pratidin
New Update
উন্নয়নৰ নামত ধ্বংস হাজাৰ-হাজাৰ শালগছ...

ডিজিটেল ডেস্ক : ৰাজ্যত পথ সম্প্ৰসাৰণৰ নামত পুনৰ বন ধ্বংসযজ্ঞ। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ তথা উন্নয়নৰ নামত বনবিভাগে ধ্বংস কৰিলে প্ৰায় ৮০০০ জোপা শালগছ। গোৱালপাৰা চহৰৰ কৃষ্ণাইত ভাৰত মালা প্ৰকল্পৰ অধীনত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাণৰ বাবে এই ধ্বংস যজ্ঞ বনবিভাগৰ।

Advertisment

চৰকাৰ তথা বন বিভাগে সময়ে সময়ে উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত চলোৱা ধ্বংসৰ ফলত উষ্ণতা বৃদ্ধিকে আদি কৰি প্ৰকৃতিৰ ভাৰসাম্যত বাৰুকৈয়ে প্ৰভাৱ পৰিছে। এই গছসমূহ কাটি তহিলং কৰাৰ পাছত ইয়াৰ বিপৰীতে যি পৰিমাণৰ গছ-গছনি ৰোপণ কৰিব লাগিছিল সেই পৰিমাণৰ গছ ৰোপণ কৰা নাই বা নকৰে বাবেই বন বিভাগৰ এই কাণ্ডত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কৃষ্ণাইৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই থকা উক্ত গছসমূহ চৰাই-চিৰিকটিৰ বাসস্থান হোৱাৰ উপৰিও পথচাৰীৰ বাবে আছিল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। শাৰী-শাৰী শালগছ সমূহে প্ৰকৃতিৰ ভাৰসাম্যত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলোৱাৰ পৰিপ্ৰেক্ষিততেই উন্নয়নৰ নামত বনবিভাগে বৃহৎ পৰিমাণৰ শালগছ ধ্বংস কৰাত মুঠেই সন্তুষ্ট নহয় অঞ্চলবাসী।

আনহাতে ইয়াৰ পূৰ্বেও চৰকাৰী পক্ষ তথা বনবিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাৰত মালা প্ৰকল্পৰ অধীনত বহু পৰিমাণৰ গছ কাটি ধ্বংস কৰাৰ উদাহৰণ আছে। কিছুদিন পূৰ্বে এই আঁচনিৰ অধীনতেই মৰাণৰ পৰা নাহৰকটীয়া পথৰ মাজত থকা প্ৰায় ২,০০০ গছ কটাৰ সিদ্ধান্ত লোৱাৰ খবৰো প্ৰকাশ পাইছিল, যি খবৰে অৱশ্যে ৰাজ্যৰ প্ৰকৃতি প্ৰেমীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছিল।

ইয়াৰ পাছত এতিয়া কৃষ্ণাইত ৮,০০০ জোপা শালগছ কাটি ধ্বংস কৰা খবৰে বাৰুকৈয়ে মৰ্মাহত কৰিছে অঞ্চলবাসীৰ লগতে প্ৰকৃতি প্ৰেমীক। অঞ্চলবাসীৰ তথা প্ৰকৃতি প্ৰেমীৰ দাবী এই ধ্বংসৰ বাবে দুগুণ পৰিমাণৰ গছ ৰোপণ কৰক চৰকাৰ ও বনবিভাগে।

Also Read: কলিয়াবৰ শাখা কবি সন্মিলনৰ উদ্যোগত আবৃত্তি কৰ্মশালাৰ সফল সামৰণি...

forest department of assam GOVT OF ASSAM