বিধানসভা নিৰ্বাচন : চাৰিখন ৰাজ্যৰ আজি হ'ব ভোটগণনা

প্ৰথমে প'ষ্টেল বেলটৰ ভোটগণনা অনুষ্ঠিত কৰা হ'ব আৰু তাৰ পাচতহে ই ভি এমৰ ভোটগণনা আৰম্ভ হ'ব
বিধানসভা নিৰ্বাচন : চাৰিখন ৰাজ্যৰ আজি হ'ব ভোটগণনা

ডিজিটেল ডেস্ক : সন্মুখত ২০২৪ৰ লোকসভা নিৰ্বাচন। আজি ঘোষণা হ'ব দেশৰ চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। মধ্যপ্ৰদেশ,ৰাজস্থান,ছত্তিশগড় আৰু তেলেংগানা এই চাৰি ৰাজ্যৰ ফলাফলকলৈ চলিছে জল্পনা-কল্পনা।

কোনে মাৰিব শেষ হাঁহি ! কাৰ দখললৈ যাব ৰাজপাট ! ২০২৪ৰ ছেমি ফাইনেলসদৃশ হ'ব এই ফলাফল। দেওবাৰে পুৱা ৮ বজাৰ পৰা চলিব চাৰিখন ৰাজ্যৰ হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনা পৰ্ব। এই ভোটগণনাত প্ৰথমে প'ষ্টেল বেলটৰ ভোটগণনা অনুষ্ঠিত কৰা হ'ব আৰু তাৰ পাচতহে ই ভি এমৰ ভোটগণনা আৰম্ভ হ'ব।

একাংশ প্ৰতিষ্ঠানে কৰা সমীক্ষা অনুসৰি মধ্যপ্ৰদেশত বিজেপিৰ জয় হ'ব। বিপৰীতে আন একাংশ প্ৰতিষ্ঠানে উল্লেখ কৰিছে যে ৰাজ্যখনত কংগ্ৰেছৰ শাসন চলিব। আনহাতে ৰাজস্থানত বিজেপিৰ জয় নিশ্চিত বুলি সমীক্ষাত একপ্ৰকাৰ উল্লেখ কৰিছে ভালেকেইটা প্ৰতিষ্ঠানে। ইফালে তেলেংগানা আৰু ছত্তিশগড় দুয়োখন ৰাজ্যত কংগ্ৰেছ জয়ী হোৱাৰ সম্ভাৱনা থকা বুলি ভালেকেইটা প্ৰতিষ্ঠানে উল্লেখ কৰিছে। এতিয়া অপেক্ষা মাত্ৰ সময়লৈহে। কোন ৰাজ্যত,কোন দলে শেষ হাঁহি মাৰে সেয়া নিৰ্ধাৰণ কৰিব সময়ে।

বিধানসভা নিৰ্বাচন : চাৰিখন ৰাজ্যৰ আজি হ'ব ভোটগণনা
কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভৰ আশাৰে BTR ৰ দুয়োখন আসনত বিজয়ৰ লক্ষ্য বি পি এফৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in