কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভৰ আশাৰে BTR ৰ দুয়োখন আসনত বিজয়ৰ লক্ষ্য বি পি এফৰ...

কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভৰ আশাৰে BTR ৰ দুয়োখন আসনত বিজয়ৰ লক্ষ্য বি পি এফৰ...

ডিজিটেল সংবাদ ওদালগুৰিঃ বিটিআৰৰ দুয়োটা লোকসভা সমষ্টিতে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বিপিএফে। গতিকে দলীয় কৰ্মীসকলক জোৰদাৰভাৱে কাম কৰিবলৈ আহ্বান বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ।

আজি ওদালগুৰি জিলাৰ অম্বাগাওঁত ওদালগুৰি জিলা যুৱ বিপিএফৰ উদ্যোগত অনুষ্ঠিত যুৱ কৰ্মশালাত এই মন্তব্য প্ৰদান কৰে হাগ্ৰামাই। কৰ্মশালাখনত উপস্থিত প্ৰতিনিধিসকলক উদ্দেশ্যি মহিলাৰীয়ে কয় "আমি বিটিআৰৰ দুয়োটা লোকসভা সমষ্টি ক্ৰমে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰি দুয়োগৰাকী প্ৰাৰ্থীকে জয়ী কৰি আনিব লাগিব। কোকৰাঝাৰত আমাৰ জয় নিশ্চিত যদিও দৰং-ওদালগুৰি লোকসভা সমষ্টিত আমাৰ দলৰ ন লক্ষাধিক ভোটাৰ আছে। এই ন লাখ ভোটাৰৰ ছয় লাখ ভোট পালেই আমাৰ প্ৰাৰ্থীগৰাকীৰ জয় নিশ্চিত। গতিকে আপোনালোক যুৱ বিপিএফে দলটোৰ হৈ জোৰদাৰভাৱে কাম কৰক। যদি দুয়োটা সমষ্টিতে আমাৰ প্ৰাৰ্থী জয়ী হয়, তেনে আগন্তুক কেন্দ্ৰীয় মন্ত্ৰীসভাত আমাৰ দলৰ পৰা এগৰাকী মন্ত্ৰী লাভৰ সম্ভাৱনা আছে।"

ইফালে আজিৰ এই কৰ্মশালাৰ মাজতে মহিলাৰীয়ে প্ৰমোদ বড়ো আৰু এবছুক ক্ষুৰধাৰ সমালোচনা কৰি কয় "অসমৰ প্ৰায় সকলো জনগোষ্ঠীৰ দল-সংগঠনসমূহে বিটিচি চুক্তিক সমৰ্থন কৰি আমালৈ পত্ৰ প্ৰেৰণ কৰাৰ সময়ত কেৱল এবছুৱে এই চুক্তি সমৰ্থন কৰা নাছিল। কিন্তু পৰৱৰ্তী সময়ত আমি যেতিয়া দুবছৰমান শাসন কৰিলো, তেতিয়াহে এবছুৱে বিটিচি চুক্তিখন ভাল বুলি মানি ল'বলৈ বাধ্য হৈছিল। তাৰ পাছতেই এবছু আৰু আমাৰ মাজত ভাঙোন আৰম্ভ হৈছিল। আপোনালোকে যদি মোৰ কথা বিশ্বাস কৰা নাই তেন্তে কেন্দ্ৰৰ গৃহ বিভাগত আৰটিআই মাৰক। তেতিয়া সকলো কথা স্পষ্ট হৈ পৰিব।''

তেওঁ কয়, ''২০০৩ চনত স্বাক্ষৰ কৰা বড়ো চুক্তিৰ জৰিয়তে বড়ো জাতিয়ে এক বৃহৎ সফলতা লাভ কৰিছিল। সেই চুক্তিৰ জৰিয়তেই বড়ো জাতিয়ে বড়ো ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল। যাৰ ধৰিয়তে সমগ্ৰ দেশে বড়ো ভাষাটোৰ সৈতে চিনাকী হ'বলৈ বাধ্য হৈছিল।কিন্তু বিটিআৰ চুক্তি স্বাক্ষৰৰ পাছতে প্ৰমোদ বড়োৱে বড়ো ভাষাক দ্বিতীয় ভাষাৰূপে গৃহীত হোৱা বুলি আনন্দত গাহৰি মাংসৰে খানা খাইছে। আমাৰ মতে বড়ো ভাষা কোনো দ্বিতীয়, তৃতীয় ভাষা হ'ব নালাগে। অসমীয়া বাংলাৰ দৰে বড়ো ভাষাইও গুৰুত্ব পাব লাগে। এয়া বড়ো জাতিয়ে বুজা উচিত।"

আজিৰ যুৱ বিপিএফৰ কৰ্মশালাত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ সমান্তৰালভাৱে বহু যুৱকে বিপিএফ দলত যোগদান কৰে। উক্ত কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, বিধায়ক চৰণ বড়ো, এমচিএলএ ফ্ৰেচ মোচাহাৰীকে ধৰি বহু বিপিএফৰ নেতা-কৰ্মী উপস্থিত থাকে।

কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভৰ আশাৰে BTR ৰ দুয়োখন আসনত বিজয়ৰ লক্ষ্য বি পি এফৰ...
গহপুৰত G-Jam কুইজ প্ৰতিযোগিতালৈ ছাত্র-ছাত্ৰীৰ ব্যাপক সঁহাৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in