'অসম আছিল ম্যানমাৰৰ অংগ'- কপিল ছিবালৰ অসম সম্পৰ্কে থকা জ্ঞানৰ নমুনা...

'অসম আছিল ম্যানমাৰৰ অংগ'- কপিল ছিবালৰ অসম সম্পৰ্কে থকা জ্ঞানৰ নমুনা...
'অসম আছিল ম্যানমাৰৰ অংগ'- কপিল ছিবালৰ অসম সম্পৰ্কে থকা জ্ঞানৰ নমুনা...

ডিজিটেল ডেস্কঃ অসম হেনো আছিল ম্যানমাৰৰ অংগ। চুবুৰীয়া ম্যানমাৰৰ পৰা অসমক ভাৰতৰ সৈতে সংযুক্ত কৰিছিল ব্ৰিটিছসকলে। এয়াই অসম সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল ছিবালৰ জ্ঞান।

সততে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে জ্ঞানশূন্যভাৱে মন্তব্য কৰি এই অঞ্চলটোৰ প্ৰতি যে ভাৰতৰ মূল সুঁতিৰ লোকসকলৰ কোনো জ্ঞান নাই সেয়া প্ৰমাণ কৰি আহিছে। উত্তৰ পূৰ্বাঞ্চলৰ লোকক 'চাইনিজ' আখ্যাৰে বহু সময়ত দেশৰ ৰাজধানীকে ধৰি অন্যান্য প্ৰান্তত বৰ্ণ বৈষম্যৰ বলি হৈ আহিছে।

সেই সকলোবোৰ অতিক্ৰম কৰি এইবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়তে অসমক ম্যানমাৰৰ অংশ বুলি উল্লেখ কৰি চূড়ান্তভাৱে অপমানিত কৰিলে কপিল ছিবালৰ দৰে জ্যেষ্ঠ অধিবক্তা তথা ৰাজনীতিবিদে।

কি কৈছিল ছিবালে?

নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' আৰু নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত চলি থকা এক গোচৰৰ প্ৰসংগত জ্যেষ্ঠ অধিবক্তা তথা সমাজবাদী পাৰ্টীৰ নেতা কপিল ছিবালে বৃহস্পতিবাৰে যুক্তি প্ৰদৰ্শন কৰিবলৈ গৈ অসমক অপমানিত কৰি ব্ৰহ্মদেশৰ অংগ আছিল বুলি মন্তব্য কৰিছে।

তেওঁ ন্যায়ালয়ত অসম সম্পৰ্কে থকা ভ্ৰান্ত ধাৰণা আৰু অজ্ঞানতাৰ পৰিচয় দি কয়, ‘জনসংখ্যা মানুহৰ প্ৰব্ৰজনৰ ইতিহাসত নিহিত হৈ আছে আৰু ইয়াৰ মানচিত্ৰ নিৰ্মাণ কৰিব নোৱাৰি। আচলতে অসম ম্যানমাৰৰ (পূৰ্বৰ ব্ৰহ্মদেশ) অংশ আছিল আৰু ব্ৰিটিছে ইয়াৰ এটা অংশ জয় কৰিছিল। সেইবাবে অসমক ব্ৰিটিছক হস্তান্তৰ কৰা হৈছিল।’

উল্লেখ্য যে, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰবাহৰ তথ্য দাখিল কৰাৰ নিৰ্দেশ দি কেন্দ্ৰীয় চৰকাৰক উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পিছতে এই মন্তব্য কৰিছিল ছিবালে ।

কপিল ছিব্বালৰ নাই ভৌগোলিক জ্ঞান- হিমন্ত বিশ্ব শৰ্মা

কপিল ছিবালে ন্যায়ালয়ত অসম সন্দৰ্ভত কৰা এই মন্তব্যৰ পাছতে তেওঁক সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কপিল ছিবালে ন্যায়ালয়ত দিয়া ভাষ্যৰ বিৰোধিতা কৰি কয়, কপিলৰ ছিবালৰ ভৌগোলিক জ্ঞান নাই । অসম কেতিয়াও ম্যানমাৰৰ অংগ নাছিল । ইতিহাসৰ জ্ঞান নাথাকিলে এনেদৰে ক'ব নালাগে।

লগতে তেওঁ কয়, আহোমৰ ৰাজত্ব কালত অসমৰ সৈতে ম্যানমাৰৰ সংঘাত হৈছিল আৰু অসম ম্যানমাৰৰ লগত থকা বুলি কোনো তথ্য নাই। আনহাতে মন্ত্ৰী পীযুষ হাজৰীকায়ো কপিল ছিবালৰ এই ভাষ্যৰ বিৰোধিতা কৰিছে।

তেওঁ কয়, কপিল ছিবালক ভুলকৈ এই বিষয়ে জনোৱা হৈছে। তেওঁৰ মতে বাওঁ পন্থী চিন্তাৰে উত্তৰ পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ এক প্ৰৱণতা এই কথাত পৰিস্ফুত হৈ পৰিছে। মন্ত্ৰী হাজৰীকাই কয়, অসমৰ ইতিহাসৰ কোনো এটা সময়তে আমি ম্যানমাৰৰ অংশ নাছিলো। মহাভাৰতৰ সময়ৰ পৰা বা ইয়াৰ আগৰ পৰাই আমি ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ আছিলো।

পূৰ্বেও অসম সম্পৰ্কে ভিন্নজনে কৰিছে বিৰূপ মন্তব্য

অসম সম্পৰ্কে বৰ্হি ৰাজ্যৰ নেতাই হওক বা আন কোনো লোকেই হওক জ্ঞান শূন্যভাৱেই যিকোনো কথা কৈ বিতৰ্কৰ সূচনা কৰাই নহয় অসম আৰু অসমীয়াক অপমানিত কৰি আহিছে। কেতিয়াবা যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কোনোবাই অসমতেই আহি ছংকৰ বাবা আখ্যা দিছে আন কোনোবা অভিনেত্ৰী, সাংসদে আকৌ সংস্কাৰ দেৱ বুলি সম্বোধন কৰিছেহি।

ৰাজ্যসভাত আকৌ কোনোবা সাংসদে সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীত অবৈধ বাংলাদেশীৰে ভৰি আছে বুলি মন্তব্য কৰি থৈছে। অসমৰ মানুহে কুুকুৰ ভক্ষণ কৰে সেয়ে মহাৰাষ্ট্ৰৰ পদপথৰ কুকুৰবোৰ অসমলৈ প্ৰেৰণ কৰিব লাগে বুলিও বিধানসভাত মন্তব্য কৰিছিল ৰাজ্যখনৰ বিধায়কে।

এনেদৰেই বৰ্হি ৰাজ্যৰ ৰাজনীতিবিদ, অন্যান্য লোকে অসম সম্পৰ্কে ভিন্ন সময়ত অপমানিত কৰি আহিছে। এয়াই অসম সম্পৰ্কে তেওঁলোকৰ ধাৰণা।

'অসম আছিল ম্যানমাৰৰ অংগ'- কপিল ছিবালৰ অসম সম্পৰ্কে থকা জ্ঞানৰ নমুনা...
আজি নিযুক্তি পালে ৮৩৯ গৰাকীয়েঃ ২ লাখ টকাৰ ঋণৰ বাবে আজিৰে পৰা কৰিব পাৰিব আৱেদন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in