আজি নিযুক্তি পালে ৮৩৯ গৰাকীয়েঃ ২ লাখ টকাৰ ঋণৰ বাবে আজিৰে পৰা কৰিব পাৰিব আৱেদন...

আজি নিযুক্তি পালে ৮৩৯ গৰাকীয়েঃ ২ লাখ টকাৰ ঋণৰ বাবে আজিৰে পৰা কৰিব পাৰিব  আৱেদন...
আজি নিযুক্তি পালে ৮৩৯ গৰাকীয়েঃ ২ লাখ টকাৰ ঋণৰ বাবে আজিৰে পৰা কৰিব পাৰিব আৱেদন...

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে ৮৩৯ গৰাকীক নিযুক্তি প্ৰদান কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপৰিও ৰাজ্য চৰকাৰৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে।

লোক নিৰ্মাণ বিভাগত ২৪০ গৰাকী সহকাৰী অভিযন্তাক নিযুক্তি

অসম চৰকাৰে আজি আনুষ্ঠানিকভাৱে যিসকলক নিযুক্তি প্ৰদান কৰিলে সেইসকলৰ ভিতৰত ২৪০ গৰাকীক লোক নিৰ্মাণ বিভাগত সহকাৰী অভিযন্তা হিচাপে নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। আনহাতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৫৯৯ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হৈছে।

এই পৰ্যন্ত ৮৮ হাজাৰ ৮০ গৰাকীক নিযুক্তি প্ৰদান

অসম চৰকাৰে প্ৰদান কৰা ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি অনুসৰি এই পৰ্যন্ত মুঠ ৮৮ হাজাৰ ৮০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হয় ৮৩৯ গৰাকীক।

আনহাতে ৭ ডিচেম্বৰ, বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উচ্চ শিক্ষাবিভাগত ৫৮ গৰাকীক নিযুক্তি পত্ৰ বিতৰণ কৰিছে।

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ আবেদন দাখিল প্ৰক্ৰিয়া মুকলি

মুখ্যমন্ত্রী ড ০ হিমন্ত বিশ্ব শর্মাই আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ আবেদন দাখিল প্রক্রিয়াও মুকলি কৰিছে। আৱেদন দাখিল প্রক্রিয়া উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়, ৰাজ্যখনত যুৱ উদ্যোগী গঢ়ি তোলাৰ বাবে এই আঁচনি যুগুত কৰা হৈছে।

উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে আগ্রহী যুৱক-যুৱতীক আত্ম নিৰ্ভৰশীল হ'বলৈ ৰাজ্য চৰকাৰে দুই লাখকৈ ঋণ আগবঢ়াব। ইয়াৰে কেৱল এক লাখ টকা ৰাজ্য চৰকাৰক ঘূৰাই দিলেই হ'ব। তেওঁলোকে এক লাখ টকা ওভতাই দিব নালাগে।

এই আঁচনিৰ বাবে ব্যয় হ'ব ৪ হাজাৰ কোটি টকা

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিৰ জৰিয়তে প্রতি দুই বছৰৰ মূৰে মূৰে নিবনুৱা যুৱক-যুৱতীসকলে ২ লাখকৈ টকাৰ ঋণ লাভ কৰিব। সকলোৱে ইয়াৰে এক লাখ টকা ৰেহাই পাব।

এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰে মুঠ ৪ হাজাৰ কোটি টকা খৰচ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জনাইছে। এই আঁচনিৰ লাভ উঠাবলৈ আগ্ৰহীসকলে আজিৰ পৰা আগন্তুক ৪৫ দিনৰ ভিতৰত আৱেদন দাখিল কৰিব পাৰিব।

আজি নিযুক্তি পালে ৮৩৯ গৰাকীয়েঃ ২ লাখ টকাৰ ঋণৰ বাবে আজিৰে পৰা কৰিব পাৰিব  আৱেদন...
ৰাজ্যত বৃদ্ধি পালে ১, ৯০,৭১৭ গৰাকী ভোটাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in