অৱসান হ'বনে অসম-অৰুণাচল সীমা বিবাদৰ? দুই ৰাজ্যই স্বাক্ষৰ কৰিলে বুজাপৰাৰ চুক্তিত...

অৱসান হ'বনে অসম-অৰুণাচল সীমা বিবাদৰ? দুই ৰাজ্যই স্বাক্ষৰ কৰিলে বুজাপৰাৰ চুক্তিত...

author-image
Asomiya Pratidin
New Update
অৱসান হ'বনে অসম-অৰুণাচল সীমা বিবাদৰ? দুই ৰাজ্যই স্বাক্ষৰ কৰিলে বুজাপৰাৰ চুক্তিত...

অৱসান হ'বনে অসম-অৰুণাচল সীমা বিবাদৰ? দুই ৰাজ্যই স্বাক্ষৰ কৰিলে বুজাপৰাৰ চুক্তিত...

ডিজিটেল ডেস্কঃ অসম আৰু মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে ইতিমধ্যে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ পাছত আজি অসম চৰকাৰে অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতেও এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে দুই ৰাজ্যই।

Advertisment

এই চুক্তিত অসম চৰকাৰৰ হৈ স্বাক্ষৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল চৰকাৰৰ হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে স্বাক্ষৰ কৰে। এই চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে কয়, অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ বাবে বুজাপৰাৰ চুক্তি স্বাক্ষৰিত হোৱাটো এক বৃহত সাফল্য।

তেওঁ লগতে কয় যে, উত্তৰ পূবত শান্তি প্ৰতিষ্ঠাৰ লগতে সংঘাতমুক্ত কৰাত মাইলৰ খুঁটি অতিক্ৰম কৰিছে। উল্লেখ্য যে, অসম আৰু অৰুণাচল প্ৰদেশে মুঠ ৮০০ কিলোমিটাৰ আন্তঃৰাজ্যিক সীমা ভাগ-বতৰা কৰিছে।

আজিৰ এই চুক্তিৰ জৰিয়তে ৮০০ কিলোমিটাৰ সীমান্তৰ ১২৩ খন গাঁৱৰ সীমাক লৈ চলি থকা বিতৰ্ক আৰু সংঘাতৰ অৱসানৰ চেষ্টা চলোৱা হৈছে।দীৰ্ঘদিন ধৰি চলি অহা এই সীমা সমস্যা সমাধানৰ বাবে অসম চৰকাৰে ইতিপূৰ্বে ১২ খন আঞ্চলিক সমিতি গঠন কৰি দিছিল।

এই সমিতিসমূহৰ পৰামৰ্শসমূহ অসম চৰকাৰে কেবিনেটে ইতিপূৰ্বে অনুমোদন জনাইছিল।  আৰু সেই পৰামৰ্শৰ ভিত্তিতে এই বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে।

Also Read: জণ্ডিচে লৈছে কালৰূপঃ এই পৰ্যন্ত ৭ জনৰ মৃত্যু, পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে...

গৃহমন্ত্ৰী অমিত শ্বাহ হিমন্ত বিশ্ব শৰ্মা অসম অৰুণাচল ভূমি বিবাদ