জণ্ডিচে লৈছে কালৰূপঃ এই পৰ্যন্ত ৭ জনৰ মৃত্যু, পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে...

জণ্ডিচে লৈছে কালৰূপঃ এই পৰ্যন্ত ৭ জনৰ মৃত্যু, পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে...

author-image
Asomiya Pratidin
New Update
জণ্ডিচে লৈছে কালৰূপঃ এই পৰ্যন্ত ৭ জনৰ মৃত্যু, পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে...

জণ্ডিচে লৈছে কালৰূপঃ এই পৰ্যন্ত ৭ জনৰ মৃত্যু, পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে...

ডিজিটেল ডেস্কঃ এইবাৰ জণ্ডিচে লৈছে ভয়ংকৰ ৰূপ। গুৱাহাটীৰ আমিনগাঁৱত এই পৰ্যন্ত জণ্ডিচত আক্ৰান্ত হৈ মৃত্যু হৈছে ৭ জনকৈ লোকৰ। আজিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এজন জণ্ডিচ আক্ৰান্ত লোকৰ মৃত্যু হয়।

Advertisment

মৃত্যু হোৱা লোকজনৰ নাম আনন্দ দাস। জণ্ডিচৰ উপৰিও তেওঁ আন কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল। জি এম চি এইছৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰকাশ কৰা অনুসৰি মৃত আনন্দ দাসক জি এন আৰ চিৰ পৰা জি এম চি লৈ স্থানান্তৰ কৰা হৈছিল। তেওঁ আন কেইবাটাও ৰোগত আক্ৰান্ত আছিল।

আনহাতে আমিনগাঁৱত আন কেইবাজনো লোক বৰ্তমানেও জণ্ডিচত আক্ৰান্ত হৈ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই অঞ্চলটোত ৩০ জনকৈ লোক জণ্ডিচত আক্ৰান্ত হৈ আছে।

অঞ্চলটোত জণ্ডিচৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ মূলতে হৈছে অপৰিষ্কাৰ পানী। তেওঁ আজি অঞ্চলটো ভ্ৰমণ কৰি কেইবাজনো জণ্ডিচ আক্ৰান্তৰ অৱস্থাৰ বুজ লয়। তেওঁ উল্লেখ কৰা অনুসৰি এই পৰ্যন্ত এই অঞ্চলটোত ৭ জন লোকৰ মৃত্যু হৈছে।

অঞ্চলটোৰ লোকসকলক এই ৰোগৰ পৰা ৰক্ষা দিবৰ বাবে তেওঁ বিভাগীয় বিষয়াক পানীৰ গুণাগুণ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে গ্ৰহণ কৰিবলগীয়া সকলো পদক্ষেপ তাৎক্ষণিক ভাৱে গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও তেওঁ যৱতীয়া আঁচনি গ্ৰহণ কৰা হ'ব বুলিও উল্লেখ কৰিছে।

Also Read: ন্যায়ালয়ে মাত্ৰ এটা শব্দত খাৰিজ কৰিলে ৰাহুল গান্ধীৰ আৱেদন...

হিমন্ত বিশ্ব শৰ্মা জি এম চি এইছ জণ্ডিচ