লাল বাহাদুৰ শাস্ত্ৰী, নীতিশ কুমাৰ, মমতা বেনাৰ্জীয়ে কৰিছিল পদত্যাগঃ অশ্বিনী বৈষ্ণৱে নৈতিক দায়িত্ব স্বীকাৰ কৰিবনে?

লাল বাহাদুৰ শাস্ত্ৰী, নীতিশ কুমাৰ, মমতা বেনাৰ্জীয়ে কৰিছিল পদত্যাগঃ অশ্বিনী বৈষ্ণৱে নৈতিক দায়িত্ব স্বীকাৰ কৰিবনে?
লাল বাহাদুৰ শাস্ত্ৰী, নীতিশ কুমাৰ, মমতা বেনাৰ্জীয়ে কৰিছিল পদত্যাগঃ অশ্বিনী বৈষ্ণৱে নৈতিক দায়িত্ব স্বীকাৰ কৰিবনে?

ডিজিটেল ডেস্কঃ দুৰ্ভাগ্যজনক ভাৱে শতিকাৰ সৰ্ব বৃহৎ ৰে'ল দুৰ্ঘটনাৰ সাক্ষী হ'ল ভাৰত। উৰিষ্যাৰ বালাছৰত সংঘটিত হোৱা ৰে'ল দুৰ্ঘটনাৰ পাছতে ৰে'লমন্ত্ৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে বুলি মন্তব্য কৰিছে বিভিন্নজনে।

কিন্তু ভিন্নজনৰ এই মন্তব্যৰ বিপৰীতে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ক'লে, এয়া ৰাজনীতি কৰাৰ সময় নহয়। সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ'ব। ঘটনাস্থলীত উপস্থিত হৈ ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে উদ্ধাৰ অভিযানৰ তদাৰক কৰাৰ মাজতে জনাই, ৰে'ল মন্ত্ৰণালয়, এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু ৰাজ্য চৰকাৰে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিছে।

সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ উচ্চ পৰ্যায়ৰ এক তদন্ত কমিটীও গঠন কৰা হৈছে। ঘটনাত নিহতৰ পৰিয়াললৈ নিশাই ১০ লাখ টকাৰ আৰ্থিক সাহায্য আৰু আহতৰ পৰিয়াললৈ ২ লাখ টকা সাহায্য ঘোষণা কৰিছে।

জানিব পৰা মতে হামছফৰ ৰে'লৰ দুটাকৈ দবা লাইচ্যুত হোৱাৰ বাবেই ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ল কৰমণ্ডল এক্সপ্ৰেছ। কিন্তু হমছফৰ ৰে'লৰ দুটাকৈ দবা কেনেকৈ লাইনচ্যুত হ'ল সেয়া এটিয়া এক ডাঙৰ প্ৰশ্ন।

আনহাতে হামছফৰ ৰে'লৰ দুটা দবা লাইনচ্যুত হোৱাৰ খবৰ দিয়া হোৱা নাছিল নেকি? যদি খবৰ দিয়া হৈছিল তেনে সেই দুয়োটা দবা স্থানান্তৰ নকৰাকৈ কিয় কৰমণ্ডল এক্সপ্ৰেছক আহিবলৈ দিয়া হ'ল? নে হামছফৰ ৰে'লখনৰ দুটাকৈ দবা লাইনচ্যুত হোৱাৰ খবৰ দিয়া হোৱা নাছিল?

এনেবোৰ প্ৰশ্নৰ মাজতে পূৰ্বে ৰে'ল মন্ত্ৰীৰ দায়িত্ব পালন কৰি বিভাগটোৰ অভিজ্ঞতা আহৰণ কৰা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘটনাস্থলীত উপস্থিত হৈ দাবী কৰিছে বিভাগীয় সমন্বয় নথকাৰ বাবেই এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হ'ল। যদি সেয়াই হয় তেনে ইয়াৰ বাবে নৈতিক দায়িত্ব ৰে'লমন্ত্ৰীয়ে স্বীকাৰ কৰিব কিয় নালাগিব বুলিও এতিয়া বহুজনে প্ৰশ্ন উত্থাপন কৰিছে।

দেশত পূৰ্বতেও বহু ৰে'ল দুৰ্ঘটনা সংঘটিত হৈছে। আনকি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৰে'লমন্ত্ৰী হিচাপে থকাৰ সময়তো ৰে'ল দুৰ্ঘটনা সংঘটিত হৈছিল। ২০০০ চনত সংঘটিত হোৱা সেই ৰে'ল দুৰ্ঘটনাৰ পাছতে তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল।

অৱশ্যে তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে তেওঁৰ সেই পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাছিল। অনুৰূপ ধৰণে দেশত সংঘটিত হৈছিল আন কেইবাটাও ৰে'ল দুৰ্ঘটনা।

১৯৫৬ চনৰ নৱেম্বৰত তামিলনাডুত সংঘটিত হোৱা এৰ ৰে'ল দুৰ্ঘটনাত মৃত্যু হৈছিল ১৪২ জন লোক। সেই সময়ত ৰে'ল বিভাগৰ মন্ত্ৰী আছিল লাল বাহাদুৰ শাস্ত্ৰী। এই দুৰ্ঘটনাৰ পাছতে তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল।

১৯৯৯ চনত সংঘটিত হোৱা এক ৰে'ল দুৰ্ঘটনাত মৃত্যু হৈছিল ২৪০ জন লোকৰ। গাইশালাত সংঘটিত হোৱা এই ৰে'ল দুৰ্ঘটনাৰ সময়ত ৰে'লমন্ত্ৰী আছিল এতিয়াৰ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। দুৰ্ঘটনাৰ পাছতে তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল।

এই কথা স্পষ্ট যে, উৰিষ্যাত সংঘটিত হোৱা এই ভয়াৱহ ৰে'ল দুৰ্ঘটনা বিভাগীয় গাফিলতিৰেই পৰিণতি। সেই অনুসৰি ইয়াৰ বাবে নৈতিক দায়িত্ব ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে মূৰপাতি লোৱাটো আছিল তেওঁৰ নৈতকিতা।

কিন্তু তাকে নকৰি এই ভয়াৱহ দুৰ্যোগৰ সময়তো মন্ত্ৰিত্ব ৰক্ষাৰ বাবে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থকা বিষয়বোৰ দৃষ্টিকটু ভাৱে ধৰা দিছে। বিভিন্নজনে ক্ষুন্ন হৈ তেওঁৰ পদত্যাগ দাবী কৰাৰ সময়ত সেই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা আৰু ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰা বিষয়বোৰে তেওঁৰ নৈতিকতাহীন চৰিত্ৰকে দাঙি ধৰিছে বুলি চৰ্চা চলিছে।

লাল বাহাদুৰ শাস্ত্ৰী, নীতিশ কুমাৰ, মমতা বেনাৰ্জীয়ে কৰিছিল পদত্যাগঃ অশ্বিনী বৈষ্ণৱে নৈতিক দায়িত্ব স্বীকাৰ কৰিবনে?
ৰে'লৱেৰ ভূমিকাত ক্ষুন্ন মমতাঃ দুৰ্ঘটনাত নিহত আৰু আহতলৈ সাহায্য ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in