ভোগালীৰ উচাহৰ মাজতে ঢকুৱাখনাত অঘটন

এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।
ভোগালীৰ উচাহৰ মাজতে ঢকুৱাখনাত অঘটন

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনাত ভোগালীৰ উচাহত যেন চেঁচাপানী পেলালে এটা সন্দেহজনক আত্মহত্যাৰ ঘটনাই। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত মদাৰগুৰি গাঁওৰ সুৰেন চুতীয়াৰ পুত্ৰ বৈকুণ্ঠ চুতীয়াৰ মৃতদেহ সোমবাৰে পুৱা দক্ষিণ চাপৰি গাঁওৰ এখন হাবিত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ পশ্চিম মাছখোৱা অঞ্চলৰ ভোগালীৰ উৎসৱমুখীতাক ম্লান কৰি তোলে।

ঘটনাৰ সন্দৰ্ভত মৃতকৰ আত্মীয়ই জনোৱামতে উৰুকাৰ নিশা প্ৰায় ১২-৩০ বজালৈকে নিজা গৃহতে জুই পুৱাই থকা বৈকুণ্ঠ মাজনিশা ওলাই যায়। কোনোবা সতীৰ্থৰ ঘৰলৈ যোৱা বুলি ধাৰণা কৰিছিল পৰিয়ালে । সোমবাৰে পুৱা উঠি মদাৰগুৰি গাঁৱৰ চহা সুৰেন চুতীয়াই ঘৰৰ পশুধন পথাৰত এৰাল দিবলৈ গৈছিল । এনেতে এখন চুমনিৰ এজোপা গছত গামোচাৰে চিপ লৈ মৃত অৱস্থাত পুত্ৰ বৈকুণ্ঠক দেখা পাই পিতৃয়ে আত্মীয় স্বজনক খবৰ দিয়ে।

আত্মীয়ই গৈ সন্দেহজনকভাৱে মৃত অৱস্থাত প্ৰায় ৩৫ বছৰীয়া যুৱকজনক দেখি স্তম্ভিত হৈ ঢকুৱাখনা আৰক্ষীক খবৰ দিয়ে। আৰক্ষী গৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

প্ৰাথমিক তদন্তত এয়া এক আত্মহননৰ ঘটনা বুলি আৰক্ষীয়ে গ্ৰহণ কৰিছে যদিও পৰিয়ালৰ সূত্ৰই এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে। বিশেষকৈ মৃতকৰ গুপ্তাঙ্গত দেখা দিয়া গুৰুতৰ আঘাত আৰু মৃতদেহৰ কাষত উদ্ধাৰ হোৱা এগৰাকী মহিলাৰ এটা বেগকলৈ আত্মীয়ৰ সন্দেহ দুগুণ বৃদ্ধি পাইছে। সমীপৰ দক্ষিণ চাপৰি গাঁৱৰ এগৰাকী মহিলাৰ বেংক পাছবুক ,এ টি এম কাৰ্ড, এযোৰ জনগোষ্ঠীয় মহিলাৰ পোচাক থকা বেগটো উক্ত নিৰ্জন স্থানত উদ্ধাৰ হোৱা ঘটনাক্ৰমে আত্মীয় আৰু স্থানীয় ৰাইজৰ সন্দেহ অধিক ঘণীভূত কৰি তুলিছে।

মৃতকৰ আত্মীয়ই উৰুকাৰ নিশা ঘৰতে থকা বৈকুণ্ঠক মাজনিশা কৌশলেৰে মাতি নি কৌশলপূৰ্ণভাৱে শীতল মস্তিষ্কৰে হত্যা কৰি উক্ত স্থানত ওলমাই ৰখা বুলি সন্দেহ কৰিছে। ইপিনে এটা সূত্ৰই জনোৱা মতে উক্ত বিশেষ মহিলাগৰাকীৰ স্বামী জীৱিকা সূত্ৰে বহি ৰাজ্যত থকাৰ সময়ত এই বিশেষ মহিলাগৰাকীৰ সৈতে সম্পৰ্ক হৈছিল যুৱকজনৰ।

এই সম্পৰ্কৰ সন্দৰ্ভত সমীপৰ একাংশৰ লগতে স্বামীৰ জ্ঞাত হোৱাৰ পৰিপ্ৰেক্ষিতত ইতিপূৰ্বে সকীয়াই দিয়া হৈছিল যুৱকজনক। শেহতীয়াকৈ দেওবাৰে নিশা এই সন্দৰ্ভতে যুৱকজনক কৌশলেৰে মাতি নি হত্যা কৰাৰ আশংকা কৰিছে মৃতকৰ পৰিয়ালবৰ্গই।

অৱশ্যে এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব। যুৱকজনৰ মৃত্যুৰ কাৰণ যিয়ে নহওক দুটা সন্তানৰ পিতৃ অমায়িক বৈকুণ্ঠৰ এনে আকস্মিক বিয়োগৰ খবৰে গৃহভূমিৰ লগতে সমগ্ৰ পশ্চিম মাছখোৱা অঞ্চলত শোকৰ বন্যা বোৱাইছে ।

উল্লেখ্য যে ঢকুৱাখনা থানাৰ তদন্তকাৰী আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা মহিলাগৰাকীৰ বেগটোৰ লগতে যুৱকজনৰ পৰা উদ্ধাৰ কৰা এটা মোবাইল জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।

ভোগালীৰ উচাহৰ মাজতে ঢকুৱাখনাত অঘটন
‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ দ্বিতীয়টো দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in