কৰ্মচাৰী নালাগে AI য়ে কৰিব সকলোঃ পেটিএমে অব্যাহতি দিলে এহেজাৰ কৰ্মচাৰী...

কৰ্মচাৰী নালাগে AI য়ে কৰিব সকলোঃ পেটিএমে অব্যাহতি দিলে এহেজাৰ কৰ্মচাৰী...
কৰ্মচাৰী নালাগে AI য়ে কৰিব সকলোঃ পেটিএমে অব্যাহতি দিলে এহেজাৰ কৰ্মচাৰী...

ডিজিটেল ডেস্কঃ বিজ্ঞানৰ চমকপ্ৰদ উদ্ভাৱণীয়ে মানুহক যিদৰে এফালে নানান সুযোগ, সুবিধা প্ৰদান কৰিছে ঠিক সেইদৰে মানুহৰ জীৱিকাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। বিজ্ঞানৰ শেহতীয়া আৱিষ্কাৰ কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ (এ আই) এতিয়া মানৱ সামজৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে।

শেহতীয়াকৈ এ আই প্ৰযুক্তি সহজলভ্য হৈ পৰাত এতিয়া এই প্ৰযুক্তিয়ে মানুহৰ সংস্থাপনৰ বাট বন্ধ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ শেহতীয়া উদাহৰণ জনপ্ৰিয় অনলাইন পেমেণ্ট সংস্থা পেটিএম। এই সংস্থাটোৱে এ আই প্ৰযুক্তি আমদানি কৰি বহু কৰ্মচৰাৰীক চাকৰিৰ পৰা অব্যাহতি দিছে।

খ্ৰীষ্টমাছৰ দিনটোতে এই প্ৰতিষ্ঠানটোৱে হাজাৰৰো অধিক কৰ্মীক অব্যাহতি কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য, বিগত অক্টোবৰৰ পৰাই পেটিএমে তেওঁলোকৰ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছিল।

পেটিএমৰ পিতৃ সংস্থা One-97 কমিউনিকেশ্যন লিমিটেডে এই কাম আৰম্ভ কৰিছিল। সেই প্ৰতিষ্ঠানেই চলিত সপ্তাহত হাজাৰৰো অধিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিছে।

এই সন্দৰ্ভত পেটিএমৰ মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত কয়, সংস্থাটোক অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো। এই সিদ্ধান্তত আমাৰ সংস্থাৰ যিমান উন্নতি হ'ব সিমানেই খৰচো হ্ৰাস হ'ব। এইবোৰ দিশ লক্ষ্য কৰিয়েই আমি কৰ্চৰাৰীৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।

জানিব পৰা মতে পেটিএমে হাজাৰৰো অধিক কৰ্মীক চাকৰিৰ পৰা অব্যাহতি দিছে যদিও সংস্থাটোৰ কাম-কাজত ইয়াৰ কোনো প্ৰভাৱ নপৰে। বৰঞ্চ পূৰ্বতকৈ অধিক বৃদ্ধিহে পাব ইয়াৰ কাম-কাজ। সমান্তৰালৈ সংস্থাটোৱে কৰ্মচাৰীৰ নামত ব্যয় কৰা মুঠ খৰচৰ ১৫ শতাংশ হ্ৰাস পাব।

কৰ্মচাৰী নালাগে AI য়ে কৰিব সকলোঃ পেটিএমে অব্যাহতি দিলে এহেজাৰ কৰ্মচাৰী...
মদ কিনিবলৈ টকা নিদিয়াৰ বাবেই পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in