অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ...

ইডিয়ে ক'লে-আদালতত সাধাৰণ নাগৰিক আৰু মুখ্যমন্ত্ৰীৰ মাজত কোনো প্ৰাৰ্থক্য নাই
অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ...
অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ...

ডিজিটেল ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ত অৰবিন্দ কেজৰিৱালৰ জামিনৰ বাবে দাখিল কৰা আবেদন আজি খাৰিজ কৰিলে ন্যায়ালয়ে। ফলত কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। ন্যায়ালয়ে তেওঁক অহা ১৫ এপ্ৰিললৈকে কাৰাগাৰতে থাকিবলৈ নিৰ্দেশ দিছে।

ন্যায়ালয়ত কেজৰিৱালৰ জামিন আবেদনৰ বিৰোধিতা কৰি ইডিৰ ফালৰ পৰা ন্যায়ালয়ক কয়, আইন সকলোৰে বাবে সমান। আদালতত সাধাৰণ লোক আৰু মুখ্যমন্ত্ৰীৰ মাজত কোনো প্ৰাৰ্থক্য নাই।

অৰবিন্দ কেজৰিৱালে ইয়াৰ পূৰ্বে ন্যায়ালয়ক জনাইছিল তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই। তাৰ পাছতো তেওঁক সুৰা নীতি কেলেংকাৰীত জড়িত কৰাইছে ইডিয়ে। ইডিয়ে কৈছে কেজৰিৱাল এই সুৰা নীতি কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড।

ইয়াৰোপৰি ইডিয়ে আদালতক কয়, আপুনি মুখ্যমন্ত্ৰী হ'ল কাৰণেই আপোনাক গ্ৰেপ্তাৰ কৰা নহ'ব নেকি? আপুনি দেশক লুণ্ঠন কৰি যাব আৰু তথাপিও আপোনাক নিৰ্বাচন আহিছে বাবেই স্পৰ্শ কৰা নহ'ব নেকি? আপোনাৰ দাবী হৈছে আপোনাৰ গ্ৰেপ্তাৰ মৌলিক কাঠোমো লঙ্ঘন কৰিছে। কিন্তু এয়া কেনেধেৰণৰ মৌলিক কাঠামো?

আদালতত ইডিৰ এনে প্ৰত্যাহ্বান পাছতে দিল্লী উচ্চ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন নাকচ কৰে।

অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ...
কিয় বাৰে বাৰে সৰ্ব শিক্ষাৰ কাৰ্যালয়ত গৈ সোমাইগৈ ডাম্পাৰ? সোমবাৰে পুনৰ হেৰুৱালে এজনে প্ৰাণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in