কিয় বাৰে বাৰে সৰ্ব শিক্ষাৰ কাৰ্যালয়ত গৈ সোমাইগৈ ডাম্পাৰ? সোমবাৰে পুনৰ হেৰুৱালে এজনে প্ৰাণ...

ভঙুৰা ডাম্পাৰ চালকৰ দৌৰাত্ম্যত অতিষ্ঠ নাগৰিক
কিয় বাৰে বাৰে সৰ্ব শিক্ষাৰ কাৰ্যালয়ত গৈ সোমাইগৈ ডাম্পাৰ? সোমবাৰে পুনৰ হেৰুৱালে এজনে প্ৰাণ...
কিয় বাৰে বাৰে সৰ্ব শিক্ষাৰ কাৰ্যালয়ত গৈ সোমাইগৈ ডাম্পাৰ? সোমবাৰে পুনৰ হেৰুৱালে এজনে প্ৰাণ...

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে দিনৰ ভাগত মহানগৰীৰ কাহিলীপাৰাৰ সংঘটিত হোৱা এক পথ দুৰ্ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। এখন ডাম্পাৰৰ স্কুটিৰ সৈতে মহতিয়াই নিলে লোকনিৰ্মাণ বিভাগৰ এগৰাকী জৰীপকৰ্তাক। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ এ এছ ০৯ চি ৯৬৬৬।

অসম সৰ্ব শিক্ষা অভিযান মিচনৰ কাৰ্যালয়ৰ সন্মুখৰ পাহাৰৰ পৰা তীব্ৰ বেগেৰে নামি অহা ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই দেৱাল ভাঙি কাৰ্যালয়টোত সোমাইগৈ। ইয়াত সংঘটিত হোৱা এনেধৰণৰ এইয়া তৃতীয়টো ঘটনা। ইয়াৰ পূৰ্বে ২০২২ ৰ মে' মাহত আৰু ২০২৩ ৰ জুন মাহত ডাম্পাৰে সংঘটিত কৰিছিল অনুৰূপ দুৰ্ঘটনা।

আজিৰ দুৰ্ঘটনাত নিহত হোৱা লোক নিৰ্মাণ বিভাগৰ জৰীপকৰ্তাগৰাকীক নিখিল ডেকা বুলি চিনাক্ত কৰা হৈছে। ৩৫ বছৰীয়া নিখিল দৰং জিলাৰ ছিপাজাৰৰ দলং ঘাটৰ বাসিন্দা। তেওঁ ব্যৱহাৰ কৰা স্কুটিখনৰ নম্বৰ এ এছ ০১ এফ এম ৩২৬০।

দুৰ্ঘটনাত নিহত হোৱা নিখিল ডেকাৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু তেওঁৰ স্কুটিখনো উদ্ধাৰ কৰিছে। ইফালে বাৰে বাৰে ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ পৰা অঞ্চলটোৰ লোকসকলে তীব্ৰ বেগত নিয়ন্ত্ৰণ হেৰুৱা ডাম্পাৰখনৰ চালকজনক আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে শাৰীৰিক আক্ৰমণো কৰে। অৱশ্যে আৰক্ষীয়ে তেওঁক উত্তেজিত ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰি আটক কৰে।

জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰা চালকজনে বহু পৰিমাণে ভাং খাই ডাম্পাৰখন চলাই আহিছিল।

কিয় বাৰে বাৰে সৰ্ব শিক্ষাৰ কাৰ্যালয়ত গৈ সোমাইগৈ ডাম্পাৰ? সোমবাৰে পুনৰ হেৰুৱালে এজনে প্ৰাণ...
নাইনিতালত দ' খাৱৈত পৰিল যাত্ৰীবাহী বাহনঃ নিহত ৮জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in