অশিক্ষিত প্ৰধানমন্ত্ৰী দেশৰ বাবে বিপদজনকঃ কেজৰিৱাল

দেওবাৰে অসমত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান।

author-image
Asomiya Pratidin
New Update
অশিক্ষিত প্ৰধানমন্ত্ৰী দেশৰ বাবে বিপদজনকঃ কেজৰিৱাল

ডিজিটেল ডেস্কঃ  দেওবাৰে অসমত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। গুৱাহাটীৰ সোণাৰম খেলপথাৰৰ বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী দুইগৰাকীয়ে।

Advertisment

সভাত অংশগ্ৰহণ কৰি কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো কটাক্ষ কৰে। তেওঁ কয় যে, আমাৰ দেশ মহান হয়। ভাৰতৰ দৰে দেশৰ প্ৰধানমন্ত্ৰী শিক্ষিত হ'ব লাগে। একবিংশ শতিকাৰ যুৱ সমাজে বিজ্ঞান-প্ৰযুক্তিত বিশ্বাস ৰাখে, সংস্থাপন বিচাৰে, ভাৰতৰ উন্নয়ন বিচাৰে। তাৰ বাবে শিক্ষিত লোকৰ প্ৰয়োজন। কম পঢ়া আৰু অশিক্ষিত লোকে ভাৰতৰ উন্নতি কৰিব নোৱাৰে।

আমাৰ দেশত কোনো লোক অশিক্ষিত হোৱাতো দোষ নহয়, কিন্তু প্ৰধানমন্ত্ৰী শিক্ষিত হোৱা প্ৰয়োজন। প্ৰধানমন্ত্ৰী নহ'লে দেশৰ বাবে বিপদজনক। প্ৰধানমন্ত্ৰীয়ে বিমুদ্ৰাকৰণ কৰিলে। বহু সমস্যা হ'ল জনতাৰ। যাৰ বাবে ১০ বছৰ পিছুৱাই গ'ল দেশ। কোনোবাই প্ৰধানমন্ত্ৰীক ক'লে যে বিমুদ্ৰাকৰণ কৰিলে দুৰ্নীতি বন্ধ হ'ব। কিন্তু নহ'ল। প্ৰধানমন্ত্ৰী শিক্ষিত হ'লে বিমুদ্ৰাকৰণ নকৰিলেহেতেন।

কৃষি আইন সন্দৰ্ভতো কেজৰিৱালে মন্তব্য কৰে। তেওঁ কয় যে দেশত কৃষি আইন আনিছিল। যাৰ বাবে হাজাৰ হাজাৰ কৃষকে প্ৰাণ হেৰুৱাব লগা হৈছে। প্ৰায় ১ বছৰ ধৰি প্ৰতিবাদ সাৱ্যস্ত হৈছিল। দেশৰ প্ৰধানমন্ত্ৰী শিক্ষিত হ'লে এন নহ'লহেনেত। সেয়ে পৰৱৰ্তী সময়ত শিক্ষিত লোকক ভোট দিবলৈ আহ্বান জনাই কেজৰিৱালে।

Also Read: ''প্ৰশ্নকাকত চম্ভালিব নোৱাৰে, চৰকাৰ কেনেদৰে চলাব'' উন্নয়ন চাবলৈ হিমন্ত বিশ্বক দিল্লীলৈ আমন্ত্ৰণ কেজৰিৱালৰ

himanta biswa sarma narendra modi arvind kejriwal