''প্ৰশ্নকাকত চম্ভালিব নোৱাৰে, চৰকাৰ কেনেদৰে চলাব'' উন্নয়ন চাবলৈ হিমন্ত বিশ্বক দিল্লীলৈ আমন্ত্ৰণ কেজৰিৱালৰ

দেওবাৰে অসমত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান।

author-image
Asomiya Pratidin
New Update
''প্ৰশ্নকাকত চম্ভালিব নোৱাৰে, চৰকাৰ কেনেদৰে চলাব'' উন্নয়ন চাবলৈ হিমন্ত বিশ্বক দিল্লীলৈ আমন্ত্ৰণ কেজৰিৱালৰ

ডিজিটেল ডেস্কঃ দেওবাৰে অসমত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। গুৱাহাটীৰ সোণাৰম খেলপথাৰৰ বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী দুইগৰাকীয়ে।

Advertisment

সভাত অংশগ্ৰহণ কৰি কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধূনা দিয়ে। তেওঁ কয় যে ভগৱানে অসমক সকলো দিছে। একো ত্ৰুুটি কৰা নাই কিন্তু বিজেপি, কংগ্ৰেছ, অগপই মিলি সকলো ধ্বংস কৰি দিলে।

অসমৰ জনতাই সকলোকে সুযোগ দিছে। কিন্তু ইমান বছৰে জনতাই একো নাপালে। এই দল সমূহে কেৱল বিশ্বাসঘাটকতা কৰিছে। কেৱল লুণ্ঠন চলাইছে। এই দল সকলৰ পৰা অতিষ্ঠ হৈ আজি অসমৰ জনতাই মোক আমন্ত্ৰণ কৰিছে।

দিল্লী আৰু অসমৰ চৰকাৰৰ তুলনা কৰি তেওঁ কয় যে প্ৰায় একেলগে দিল্লীত কেজৰিৱাল আৰু অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গঠন হৈছিল। দিল্লীত সকলো সলনি হৈ গ'ল। স্কুল, ৰাস্তা, চিকিৎসালয় সকলো দিল্লী আছে কিন্তু হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে? তেওঁ কেৱল লেতেৰা ৰাজনীতি কৰিছে।

মই অসম আহিম বুলি কোৱাই তেওঁ মোক জেলত ভৰাই থ'ম বুলি ভাবুকি দি আছে। মই সন্ত্ৰাসবাদী নেকি যে জেলত ভৰাব? অসমৰ মুখ্যমন্ত্ৰী ঠিকেই হ'ল অসমৰ সংস্কৃতি নিশিকিলে।

অসমৰ লোকে অতিথি আহিলে সন্মান কৰে। অসমৰ মানুহে ধমক নিদিয়ে। গতিকে হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ আমন্ত্ৰণ জনালে কেজৰিৱালে। লগতে দিল্লী ফুৰাব বুলি কৈ ক'লে যে দিল্লীত কিমান উন্নতি কৰিছো সেয়া দেখুৱাম।

অসমৰ নিবনুৱা সমস্যাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁ কয় যে অসমৰ যুৱ সমাজে চিঞৰি চিঞৰি কৈছে যে চাকৰি লাগে। কিন্তু তেওঁলোকৰ দাবী শুনিবলৈ হিমন্ত বিশ্বৰ সময় নাই। হিমন্ত বিশ্ব শৰ্মাৰ মতে অসমত ২৫ লাখ নিবনুৱা আছে , কিন্তু সঁচা অৰ্থত ইয়াৰ সংখ্যা প্ৰায় ৫০ লাখ মান।

প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভতো মন্তব্য কৰে কেজৰিৱালে । তেওঁ কয় যে যি ৰাজ্যৰ চৰকাৰে প্ৰশ্ন কাকত চম্ভালিবব পৰা নোৱাৰে, চৰকাৰে কেনেদৰে চলাব? দিল্লীত প্ৰশ্নকাকত ফাদিল হোৱা নাই। ইয়াত কিয় ফাদিল হয়? কাৰণ কোনোবা ভিতৰত থাকি প্ৰশ্নকাকত বিক্ৰী কৰি আছে। ইয়াৰ বাবে কোনোৱে শাস্তি পালেনে নাপালে কাৰণ সকলো মিলি আছে।

হিমন্ত বিশ্ব শৰ্মাৰ পত্নী সন্দৰ্ভতো কেজৰিৱালে মন্তব্য কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকে ইয়াত বিদ্যালয় খোলে। গতিকে চৰকাৰী স্কুল কিয় চলিব। যি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত বিদ্যালয় খোলে তাত গৰীৱে শিক্ষা নাপায়। দিল্লীতো পূৰ্বতে এয়াই হৈছিল। মন্ত্ৰীৰ স্কুল চলিছিল। আমাৰ চৰকাৰ আহিল। এতিয়া কোনো নেতাৰ স্কুল নচলে।

ইয়াৰোপৰি স্বাস্থ্য, চাকৰি আদি বিভিন্ন দিশৰ ওপৰত মন্তব্য কৰে কেজৰিৱালে। আজিৰ এই সভাত হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যক্ষ আক্ৰমণ কৰে কেজৰিৱালে। উল্লেখ্য যে, এই সভাত হাজাৰ হাজাৰ লোকে অংশ গ্ৰহণ কৰে।

Also Read: ইন্দ্ৰপ্ৰস্থ মহিলা মহাবিদ্যালয়ত কোনে ছাত্ৰীক চলালে উৎপীড়ন? প্ৰতিবাদত উত্তাল ...

himanta biswa sarma arvind kejriwal