/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ed677606-9b1f-4e58-80f9-af12803c2384/ip.jpg)
ডিজিটেল ডেস্কঃ দিল্লী বিশ্ববিদ্যালয়ৰ ইন্দ্ৰপ্ৰস্থ মহিলা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। মহাবিদ্যালয় খনৰ বাৰ্ষিক উৎসৱৰ সময়ত একাংশ যুৱকে মহাবিদ্যালয়ৰ ছাত্ৰী সকলক উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
মহাবিদ্যালয়ৰ ছাত্ৰ সকলৰ অভিযোগ মতে কলেজৰ দেৱাল পাৰ হৈ একাংশ যুৱকে ছাত্ৰী সকল উৎপীড়ন চলাইছিল। এই ঘটনা আছিল ২৮ মাৰ্চৰ। তাৰ পাছতে মহাবিদ্যালয়ৰ ছাত্ৰী সকলে ন্যায় বিচাৰি প্ৰতিবাদ আৰম্ভ কৰিছিল।
অখিল ভাৰতীয় ছাত্ৰ সংঘৰ এগৰাকী কাৰ্যকৰ্তাই অভিযোগ কৰিছিল যে যুৱক সকলে বিভিন্ন শ্লোগানো দিছিল।"মিৰাণ্ডা, আইপি দুয়োখন আমাৰ (মিৰাণ্ডা হাউচ আৰু ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয়ৰ কথা বুজাইছে দুয়োটা আমাৰ)", মিৰাণ্ডা এৰা নাই আইপি ও এৰি নিদিও বুলি শ্লোগান দিছিল যুৱক সকলে ।
উল্লেখ্য যে, উক্ত দিনটোৰ বহু ভিডিঅ' পোহৰলৈ আহিছে য'ত দেখা গৈছে যে যুৱক সকলে দেৱাল পাৰ হৈ কলেজত প্ৰৱেশ কৰিছে।
বিভিন্ন ছাত্ৰ সংগঠনে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। কলেজ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষক বৰ্খাস্ত কৰিবলৈ দাবী জনাই আহিছে।
দিল্লী মহিলা আয়োগৰ (ডিচিডব্লিউ) অধ্যক্ষা স্বাতী মালিৱালে এই ঘটনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দিল্লী আৰক্ষী আৰু মহাবিদ্যালয়ৰ অধ্যক্ষক এক জাননী জাৰি কৰিছিল। উল্লেখ্য যে, এই ঘটনাক লৈ এতিয়াও মহাবিদ্যালয় খনত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে।
Also Read: হিমন্ত বিশ্বক অসমৰ সংস্কৃতি শিকিবলৈ আহ্বান কেজৰিৱালৰ, ক'লে...