পঞ্চমবাৰৰ বাবে ইডিৰ চমন আওকাণ কেজৰিৱালৰঃ ক'লে তেওঁক গ্ৰেপ্তাৰ কৰিব বিচাৰে মোডীয়ে

পঞ্চমবাৰৰ বাবে ইডিৰ চমন আওকাণ কেজৰিৱালৰঃ ক'লে তেওঁক গ্ৰেপ্তাৰ কৰিব বিচাৰে মোডীয়ে

author-image
Asomiya Pratidin
New Update
পঞ্চমবাৰৰ বাবে ইডিৰ চমন আওকাণ কেজৰিৱালৰঃ ক'লে তেওঁক গ্ৰেপ্তাৰ কৰিব বিচাৰে মোডীয়ে

পঞ্চমবাৰৰ বাবে ইডিৰ চমন আওকাণ কেজৰিৱালৰঃ ক'লে তেওঁক গ্ৰেপ্তাৰ কৰিব বিচাৰে মোডীয়ে

ডিজিটেল ডেস্কঃ শুকুৰবাৰেও ইডিৰ কাৰ্যালয়ত হাজিৰ নহ'ল অৰবিন্দ কেজৰিৱাল। ইয়াৰ সৈতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুঠ ৫ বাৰ ইডিৰ চমন আওকাণ কৰিলে। উল্লেখ্য যে, দিল্লীৰ আবকাৰী কেলেংকাৰীৰ গোচৰত ইডিয়ে পঞ্চমবাৰৰ বাবে অৰবিন্দ কেজৰিৱাললৈ চমন জাৰি কৰিছিল।

Advertisment

এই চমনৰ বিপৰীতে আপৰ দাবী লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বাবেই এইদৰে ইডিয়ে চমন জাৰি কৰিছে। শুকুৰবাৰে আবকাৰী দুৰ্নীতি গোচৰৰ সোধাপোছা কৰিবলৈ দিল্লীস্থিত ইডিৰ কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছিল কেজৰিৱালক।

ইয়াৰ পিছতে আম আদমি পাৰ্টীৰ ফালৰ পৰা এক বিবৃতি জাৰি কৰি কয়, ৰাজনৈতিক কাৰণত সম্পূৰ্ণ অনৈতিকভাৱে কাম কৰিছে ইডিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দোষাৰোপ কৰি এই বিবৃতিত লিখা হৈছে, ''মোডীয়ে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিব বিচাৰে আৰু দিল্লীৰ চৰকাৰ ভংগ কৰিব বিচাৰে। আমি এইবোৰ কোনো কাৰণতে হ'বলৈ নিদিও।''

ইয়াৰ পূৰ্বে ইডিয়ে চাৰিবাৰ কেজৰিৱাললৈ চমন জাৰি কৰিছিল যদিও তেওঁ ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱা নাছিল। মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত থকাৰ বাবে প্ৰথমবাৰ ইডিৰ কাৰ্যালয়ত উপস্থিত নহ'ল তেওঁ।

ইয়াৰ পাছত বিভিন্ন কাৰণ দেখুৱাই ইডিৰ চমন এৰি চলিছে কেজৰিৱালে। কেজৰিৱালে অভিযোগ কৰিছে, ইডিয়ে বেআইনী ভাৱে তেওঁলৈ চমন জাৰি কৰিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁক জে'ললৈ নিক্ষেপ কৰাৰ বাবে এয়া বিজেপিৰ চক্ৰান্ত বুলিও তেওঁ অভিযোগ কৰিছে।

উল্লেখ্য বিগত বছৰৰ এপ্ৰিলত এই গোচৰত কেজৰিৱালক প্ৰায় ৯ ঘণ্টা সোধাপোছা কৰিছিল চি বি আইয়ে। এই গোচৰত অৱশ্যে অৰবিন্দ কেজৰিৱাল অভিযুক্ত নহয়। সেই সময়ত কেজৰিৱালে কৈছিল- ''চি বি আইয়ে মুঠ ৫৬ টা প্ৰশ্ন কৰিছিল। সকলো প্ৰশ্নই আছিল ভুৱা। ভুৱা গোচৰৰ। মই নিশ্চিত, মোৰ বিৰুদ্ধে তেওঁলোকৰ হাতত কোনো প্ৰমাণ নাই।''

এই পৰ্যন্ত আপৰ দুগৰাকী নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ চিছোদিয়া আৰু সাংসদ সঞ্জয় সিং কাৰাবন্দী হৈ আছে। তেওঁলোকৰ বিৰুদ্ধে আছে ২০২১-২২ চনৰ আবকাৰী নীতিৰ জৰিয়তে সুৰা ব্যৱসায়ীৰ হৈ কাম কৰাৰ অভিযোগ।

এই নতুন সুৰা নীতিৰ বিনিময়ত সুৰা ব্যৱসায়ীৰ পৰা তেওঁলোকে ঘোচ লোৱাৰ অভিযোগ আছে। অৱশ্যে আম আদমি পাৰ্টীয়ে এই সম্পূৰ্ণ অভিযোগ ভুৱা আৰু ভিত্তিহীন বুলি কৈ আহিছে।

Also Read: প্ৰধানমন্ত্ৰীৰ আগমনক লৈ সমষ্টিয়ে সমষ্টিয়ে তৎপৰ বিজেপি দল

বিজেপি অৰবিন্দ কেজৰিৱাল নৰেন্দ্ৰ মোডী