প্ৰধানমন্ত্ৰী মোডীৰ শিক্ষাগত অৰ্হতা কি? পুনৰ গুজৰাট ন্যায়ালয় পালেগৈ কেজৰিৱাল...

প্ৰধানমন্ত্ৰী মোডীৰ শিক্ষাগত অৰ্হতা কি? পুনৰ গুজৰাট ন্যায়ালয় পালেগৈ কেজৰিৱাল...
প্ৰধানমন্ত্ৰী মোডীৰ শিক্ষাগত অৰ্হতা কি? পুনৰ গুজৰাট ন্যায়ালয় পালেগৈ কেজৰিৱাল...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শিক্ষাগত অৰ্হতা প্ৰসংগত গুজৰাট উচ্চ ন্যায়ালয় পালেগৈ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল। তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ক ৩১ মাৰ্চৰ সিদ্ধান্তক পুনৰ সমীক্ষা কৰাৰ আৱেদন জনাইছে।

উল্লেখ্য যে, পূৰ্বে গুজৰাট উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিগ্ৰীৰ সৈতে জড়িত সবিশেষ ৰাজহুৱা কৰাৰ মুখ্য তথ্য আয়ুক্তৰ নিৰ্দেশক স্থগিত ৰাখিছিল। এইবাৰ কেজৰিৱালে পূৰ্বৰ ন্যায়ালয়ৰ সেই সিদ্ধান্তক সমীক্ষা কৰাৰ বাবে যি আৱেদন দাখিল কৰিলে সেই আৱেদন গ্ৰহণ কৰি সকোল পক্ষলৈ জাননী জাৰি কৰিছে।

এই বিষয়ত অহা ৩০ জুনত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব। উল্লেখ্য যে, অৰবিন্দ কেজৰিৱালে ২০১৬ ত কেন্দ্ৰীয় তথ্য আয়োগলৈ এক পত্ৰ লিখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শৈক্ষিক অৰ্হতাৰ সৈতে সম্পৰ্কিত তথ্যসমূহ ৰাজহুৱা কৰিবলৈ আৱেদন দাখিল কৰিছিল। তেওঁ পত্ৰখনত লিখিছিল এই বিষয়ত সৃষ্টি হৈ থকা বিতৰ্কৰ অৱসান ঘটাবলৈ তেওঁৰ শৈক্ষিক অৰ্হতা সাৰ্বজনিক কৰাটো প্ৰয়োজন।

এই পত্ৰৰ পাছতে কেন্দ্ৰীয় তথ্য আয়োগে গুজৰাট বিশ্ববিদ্যালয়ক নৰেন্দ্ৰ মোডীৰ শৈক্ষিক অৰ্হতা সম্পৰ্কে কেজৰিৱালৰ হাতত তথ্য দিয়াৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল। কেন্দ্ৰীয় তথ্য আয়োগৰ এই নিৰ্দেশক আকৌ গুজৰাট বিশ্ববিদ্যালয়ে গুজৰাট উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল।

গুজৰাট উচ্চ ন্যায়ালয়ে এই বিষয়ত শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় তথ্য আয়োগৰ নিৰ্দেশক স্থগিত ৰাখি গুজৰাট বিশ্ববিদ্যালয়ৰ সপক্ষে ৰায় প্ৰদান কৰে। সমান্তৰালকৈ কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমণা বিহে।

ইফালে কেজৰিৱালে গুজৰাট উচ্চ ন্যায়ালয়ত পুনৰ দাখিল কৰা আৱেদনত উল্লেখ কৰিছে যে, ন্যায়ালয়ত বিশ্ববিদ্যালয়ৰ হৈ যুক্তি প্ৰদৰ্শন কৰা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কৈছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিগ্ৰী গুজৰাট বিশ্ববিদ্যালয়ৰ ৱেবচাইটত উপলব্ধ আছে।

কিন্তু বিশ্ববিদ্যালয়খনৰ ৱেবচাইটত সেই তথ্য নাই। তাত কেৱল অফিচ ৰেজিষ্টাৰৰ কপিহে উপলব্ধ আছে। অফিচ ৰেজিষ্টাৰ আৰু ডিগ্ৰী দুয়োটা পৃথক বিষয়।

ইয়াৰোপৰি তেওঁৰ ওপৰত ন্যায়ালয়ে পূৰ্বে যি ২৫ হাজাৰ টকাৰ জৰিমণা বিহিছিল তাৰো বিৰোধিতা কৰিছে। কেজৰিৱালে আৱেদনখনত কৈছে, মই ডিগ্ৰীৰ বিষয়ে জানিবলৈ কোনো আৱেদন দাখিল কৰা নাছিলো।

তেওঁ লিখিছে, মই কেন্দ্ৰীয় তথ্য আয়োগৰ উত্তৰৰ ভিত্তিত এক পত্ৰ লিখিছিলো। এই পত্ৰৰ আধাৰত কেন্দ্ৰীয় তথ্য আয়োগে সজ্ঞানে প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ সবিশেষ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

ইফালে কেজৰিৱালৰ এই আৱেদন গ্ৰহণ কৰিলেও অৱশ্যে পূৰ্বে যিগৰাকী ন্যায়াধীশে গুজৰাট বিশ্ববিদ্যালয়ৰ সপক্ষে ৰায় প্ৰদান কৰাৰ লগতে কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমণা বিহিছিল তেঁৱেই পুনৰ এই শুনানি গ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰী মোডীৰ শিক্ষাগত অৰ্হতা কি? পুনৰ গুজৰাট ন্যায়ালয় পালেগৈ কেজৰিৱাল...
হিংসাত্মত ঘটনাৰ মাজতে চোৰ হ'ল মণিপুৰৰ অস্ত্ৰ ভাণ্ডাৰ ! আৰম্ভ হৈছে পুনৰ উদ্ধাৰ প্ৰক্ৰিয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in